ETV Bharat / state

প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 12:56 PM IST

বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত নলবাৰীত ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন ৷ অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনক প্ৰদান কৰা হয় ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা ৷ বিশিষ্ট পণ্ডিত-গৱেষক-বুৰঞ্জীবিদ ড৹ মাধুৰ্যমণ্ডিত বৰুৱাৰ হাতেৰে প্ৰদান কৰা হয় এই বঁটা ।

Raghunath Chaudhary Memorial Award to Pranab Kumar Barman
প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা
প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা

নলবাৰী, ১৯ নৱেম্বৰ : অসমৰ অন্যতম সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমে প্ৰতি বছৰৰ দৰে এইবেলিও বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মৃত্যু দিৱসত তেখেতক স্মৃতিচাৰণ কৰাৰ উদ্দেশ্যে শনিবাৰে নলবাৰীৰ শংকৰদেৱ একাডেমীত অনুষ্ঠিত কৰে গোষ্ঠীটোৰ প্ৰতিমহীয়া সাহিত্য আলাপ 'বিৰিণা বৈভৱ' আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ 'স্মৃতি দিৱস' অনুষ্ঠান । পুৱা ৯ বজাত নলবাৰী জিলাৰ দৌলাশালস্থিত গোষ্ঠীটোৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে ।

তাৰ পিচতে শনিবাৰে সন্ধিয়া নলবাৰীৰ শংকৰদেৱ একাডেমীত অনুষ্ঠিত হয় বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ, গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু বিৰিণা বৈভৱ অনুষ্ঠান । উক্ত অনুষ্ঠানৰ আঁতধৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে । উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে অৱসৰী শিক্ষক জগদাচৰণ তালুকদাৰে আৰু ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰী প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই ।

আদৰণী ভাষণ প্ৰদান কৰে গোষ্ঠীটোৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ অনুষ্ঠানটোত জনপ্ৰিয় কবি-ঔপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মনক বিৰিণা গোষ্ঠী অসমে প্ৰদান কৰে ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা ২০২৩ । বিশিষ্ট পণ্ডিত, গৱেষক তথা বুৰঞ্জীবিদ ড৹ মাধুৰ্যমণ্ডিত বৰুৱাৰ হাতেৰে প্ৰদান কৰা হয় এই বঁটা । বিৰিণা গোষ্ঠী-অসমৰ ক্ষুদ্ৰ কাব্য আলোচনী 'বীথিকা'ৰ শৰৎ সংখ্যাটো উক্ত অনুষ্ঠানতেই আনুষ্ঠানিকভাবে উন্মোচন কৰে বিশিষ্ট কবি ড৹ বিনয় কুমাৰ মজুমদাৰে ।

উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰঘুনাথ চৌধাৰীৰ জীৱন-দৰ্শনৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে পণ্ডিত-গৱেষক-বুৰঞ্জীবিদ ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড৹ লীনা ডেকা, বিশিষ্ট কবি- সাহিত্যিক ড৹ বিনয় কুমাৰ মজুমদাৰ, বিশিষ্ট লেখক-সাহিত্যিক ভূৱনেশ্বৰ ডেকাই বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সাহিত্য-কৃতি সম্পৰ্কত ভাষণ প্ৰদান কৰে । আহ্বায়ক মণ্ডলীৰ হৈ অজিত ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পিচত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় ।

লগতে পঢ়ক: হোজাইত পবিত্ৰ গুৰু নানক জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.