ETV Bharat / state

নলবাৰীত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ - জনতাৰ শিল্পীক স্মৰণ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে নলবাৰীতো ৰাভা দিৱস পালন । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠান । বালিলেচা কালী দেৱালয় প্ৰাংগনতো “গণকণ্ঠ” ৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন । ঘগ্ৰাপাাৰ হাই স্কুুুলতো অনুষ্ঠিত হ'ল ৰাভা দিৱসৰ অনুষ্ঠান ।

Rabha Divax observed at Nalbari
নলবাৰীত ৰাভা দিৱস পালন
author img

By

Published : Jun 21, 2021, 10:41 AM IST

নলবাৰী, ২১ জুন: দেওবাৰে ৰাভা দিৱসত সমগ্ৰ ৰাজ্যবাসীয়ে সুঁৱৰিলে জনতাৰ শিল্পী, বিপ্লৱী নেতা বিষ্ণু প্ৰসাদ ৰাভা(Bishnu prasad Rabha)ক । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । অৱশ্যে ক'ভিডৰ ভয়ৱহতা অব্যাহত থকাৰ বাবে অনুষ্টুপীয়াকৈ ৰাভা দিৱস পালন কৰা হয় । নলবাৰীৰ বালিলেচা কালী দেৱালয় প্ৰাংগনত নলবাৰীৰ সাহিত্যিক, সাংবাদিকৰ ঐক্য মঞ্চ “গণকণ্ঠ”ৰ উদ্যোগত প্ৰতি বছৰে আৰম্বপূৰ্ণভাৱে ৰাভা দিৱস পালন কৰা হয় ।

কিন্তু কৰ'ণা ত্ৰাসৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ল বিষ্ণু ৰাভা দিৱস । পুৱা পতাকা উত্তোলন কৰি আৰু শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনায় ৷ বিষ্ণু প্ৰসাদ ৰাভা নিষ্পেষিত জনতাৰ বন্ধু, সংস্কৃতিৰ পূজাৰী । দেওবাৰে নলবাৰীৰ ঘগ্ৰাপাৰতো শিল্পীগৰাকীক স্মৰণ কৰা হয় ।

Rabha Divax observed at Nalbari
নলবাৰীত ৰাভা দিৱস পালন

এই জনা মহান ব্যক্তিৰ জীৱন গাঁথা সুঁৱৰি ঘগ্ৰাপাৰ হাইস্কুলতো ৰাভা দিৱস পালন কৰা হয় । ক'ভিড প্ৰট'কল মানি দিনৰ এঘাৰ বজাত ঘগ্ৰাপাাৰ হাই স্কুুুলত শিক্ষক কৰ্মচাৰীসকলে জনতাৰ শিল্পীগৰাকীক স্মৰণ কৰে । বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি তথা "আমাৰ অসম"ৰ সংবাদদাতা ৰাতুল চন্দ্ৰ ডেকাই ।

ছাত্ৰ একতা সভাৰ সভাপতি কন্দৰ্প কলিতাই আঁত ধৰা অনুষ্ঠানটোত শিক্ষক দ্বীপেন কলিতা, নৰেন মজুমদাৰ, দ্বীপেন বৈশ‍্য, কৰ্মচাৰী চন্দন মল্ল বৰুৱাৰ লগতে কৰ্মচাৰী পৰিষদৰ আৰু ঘগ্ৰাপাৰ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকলে সহযোগিতা আগবঢ়ায় । মুঠতে মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে ৰাজ্যবাসীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় । কলাগুৰু ৰচিত গীত, নৃত্য পৰিৱেশন কৰি তেওঁক স্মৰণ কৰা হয় ।

মুখত মাস্ক পিন্ধি, সামজিক দূৰত্ব মানি ৰাভা দিৱসৰ অনুষ্ঠানত অংশ লয় সকলোৱে । আন বৰ্ষৰ দৰে নহ'লেও অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৰাভা দিৱস ।

লগতে পঢ়ক:গছৰ পাতত জিলিকিল বিষ্ণুপ্ৰসাদ ৰাভা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.