ETV Bharat / state

Crime in Nalbari: নিৰুদ্দিষ্ট যুৱকৰ সন্ধান উলিয়াব নোৱাৰা নলবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ

যুৱক সন্ধানহীন হোৱাক লৈ উত্তাল নলবাৰী (Protest at Nalbari) । আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদ । নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ ৰাইজে ।

author img

By

Published : Apr 1, 2023, 10:24 PM IST

Nalbari Sadar Police Station
নলবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ
নলবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ

নলবাৰী, ১ এপ্ৰিল: সন্ধানহীন যুৱকৰ শুংসুত্ৰ উলিয়াব নোৱাৰা নলবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ (Public protest at Nalbari)। নলবাৰী আৰক্ষী থানাৰ সম্মুখত প্ৰতিবাদ সন্ধানহীন যুৱকৰ মাতৃসহ স্থানীয় লোকৰ । সাতদিনে সন্ধানহীন হৈ থকা নলবাৰীৰ চ'কবজাৰৰ সোণমণি বৈশ্যৰ সন্ধান নোলোৱাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে স্থানীয় লোক । শনিবাৰে সোণমণিৰ পৰিয়ালৰ লগতে ৰাইজে নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against Nalbari police) ।

যুৱকজনৰ নিৰুদ্দিষ্টৰ ঘটনাৰ পিছতে মাতৃয়ে ছয় দিন পূৰ্বে নলবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ । আৰক্ষীয়ে আজিলৈ যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে নলবাৰী চহৰৰ লোকসকল । উল্লেখযোগ্য যে , সাতদিন পূৰ্বে এটা মটৰ ছাৰ্ভিচত কাম কৰা সোণমনিক ওচৰৰে এজন বিজেপি নেতাৰ ভাতৃ দীপাংকৰ বৰ্মন নামৰ যুৱকে নিশা গুৱাহাটীলৈ লৈ গৈছিল । তেতিয়াৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে সোণমনি ।

ইপিনে, আৰক্ষীয়ে এজাহাৰকাৰী মাতৃক পুত্ৰৰ বিচাৰ খোচাৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত আজি থানা চৌহদত এনেদৰে ৰাইজ ওলাই আহিবলৈ বাধ্য হয় (Nalbari Sadar Police Station)। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ নলবাৰী আৰক্ষী হায় হায় ,সন্ধানহীন হৈ থকা সোণমণি বৈশ্যক উদ্ধাৰ কৰক ইত্যাদি শ্লোগানেৰে নলবাৰী থানা চৌহদ কঁপাই তোলে ।

প্ৰতিবাদকাৰীসকলে পিছত নলবাৰী সদৰ থানাৰ সম্মুখত ধৰ্না কাৰ্যসুচীও ৰূপায়ন কৰে । অতি শীঘ্ৰে সন্ধানহীন হৈ থকা সোণমণি বৈশ্যৰ সন্ধান উলিয়াবলৈ নলবাৰী সদৰ আৰক্ষীক দাবী জনাইছে। লগতে স্থানীয় ৰাইজে মাতৃক লগত লৈ ঘটনা সন্দৰ্ভত আজি পুনৰ এখন স্মাৰকপত্ৰও প্ৰদান কৰে নলবাৰী আৰক্ষীক । ৰাইজে শীঘ্ৰে যুৱকজনৰ সন্ধান উলিয়াবলৈ দাবী জনাইছে (Allegation of negligence of police in Nalbari) ।

লগতে পঢ়ক:MasterChef India Winner: নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.