নলবাৰী, ১৫ ফেব্ৰুৱাৰী: নলবাৰীত জিলা বজৰং দলৰ তীব্ৰ প্ৰতিবাদ । শতাধিক প্ৰতিবাদকাৰীয়ে নলবাৰী উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে উপাযুক্তৰ কাৰ্যালয় ।
বজৰং দলৰ কৰ্মী ৰিংকু শৰ্মাৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে উপাযুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে, দিল্লীত ৰাম মন্দিৰৰ নিধি সংগ্ৰহ কৰি আহি থকা অৱস্থাত জয় শ্ৰা ৰাম ধ্বনি দিয়াত জেহাদী কেইজন মানে নিৰ্মমভাৱে হত্যা কৰিছিল ৰিংকু শৰ্মাক । আনহাতে সংগঠনটোৱে জয় শ্ৰী ৰাম, ৰিংকু শৰ্মা অমৰ হওঁক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনায় ।
অৱশ্যে ইতিমধ্যে এই হত্যাকাণ্ডৰে জৰিত চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক: শ্বহীদ দুৰ্লভ গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি