ETV Bharat / state

টিহুত শতাধিক আছু কৰ্মীৰ জোঁৰ সমদল

author img

By

Published : Aug 24, 2019, 10:13 PM IST

টিহু আছুৰ মুখ্য কাৰ্যলয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যলয়ত সমাপ্ত হয় ৷

টিহুত আছুৰ জোঁৰ সমদল

নলবাৰী, 24 আগষ্টঃ টিহুৰ আছুৰ কাৰ্যলয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ ৷ পাঁচ দিন উকলি যোৱাৰ পিচতো দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী ৷ দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আছুৰ জোঁৰ সমদল ৷
। দোষীক কৰায়ত্ব কৰাৰ দাবীতে শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ দুই শতাধিক সদস্যই বৃহৎ জোঁৰ সমদলৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে টিহু আছুৰ মুখ্য কাৰ্যলয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যলয়ত সমাপ্ত কৰে । প্ৰতিবাকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, টিহু আৰক্ষী হায় হায়, দুষ্ট চক্ৰ নিপাত যাওক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে দোষীক কৰায়ত্ব নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আছুবে ।

Intro:# টিহুৰ আছুৰ কাৰ্যলয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ # পাঁচ দিন উকলি যোৱাৰ পিচতো দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী # দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আছুৰ বৃহৎ জোঁৰ সমদল #
Body:
টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। পাঁচ দিন উকলি যোৱাৰ পিচতো অগ্নিসংযোগৰ ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে টিহু আৰক্ষী। দোষীক কৰায়ত্ব কৰাৰ দাবীত শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ দুই শতাধিক সদস্যই বৃহৎ জোঁৰ সমদলৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে টিহু আছুৰ মুখ্য কাৰ্যলয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যলয়ত সমাপ্ত কৰে। প্ৰতিবাকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, টিহু আৰক্ষী হায় হায়, দুষ্ট চক্ৰ নিপাত যাওক আদি বিভিন্ন শ্লোগানেৰে টিহুৰ আকাশ বতাহ কপাই তোলে। যদি প্ৰতিবাদৰ পিচতো অতিশীঘ্ৰে দোষীক কৰায়ত্ব নকৰে তেন্তে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি আছুৱে হুংকাৰ দিয়ে।

বাইট : প্ৰতিবাদ কাৰীConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.