ETV Bharat / state

ভূমিৰ মূল্য বিচাৰি নলবাৰী মেডিকেল কলেজত প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 6:34 PM IST

ভূমিৰ মূল্য বিচাৰি নৱ নিৰ্মিত মেডিকেল কলেজৰ সন্মুখত প্ৰতিবাদ ৷ 15 দিনৰ ভিতৰত মাটিৰ মূল্য দিয়াৰ আশ্বাস প্ৰদান কৰাৰ পাছতো 2 বছৰলৈকে মাটিৰ গৰাকীয়ে নাপালে মাটিৰ মূল্য ৷ উপায়ন্তৰ হৈ বুধবাৰে দক্ষিণগাঁৱৰ নিৰ্মীয়মান মেডিকেল কলেজৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখে ৷

As_nlb_Protest_at_nalbari_medical_college_img_as10004
ভূমিৰ মূল্য বিচাৰি নলবাৰী মেডিকেল কলেজত প্ৰতিবাদ

নলবাৰী,18 নৱেম্বৰ: নলবাৰী নৱ নিৰ্মিত মেডিকেল কলেজত প্ৰতিবাদ ৷ ভূমিৰ মূল্য বিচাৰি ভূমিৰ গৰাকীৰ প্ৰতিবাদ নৱ নিৰ্মিত মেডিকেল কলেজৰ সন্মুখত ৷ বুধবাৰে নলবাৰীৰ দক্ষিণগাঁৱৰ নিৰ্মীয়মান অৱস্থাত থকা মেডিকেল কলেজৰ আৱন্টিত ভূমিৰ মূল্য আদায় নিদিয়াৰ বাবে মাটিৰ গৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথম অৱস্থাত 100 বিঘা মাটিত নিৰ্মাণ কৰা এই মেডিকেল কলেজখনৰ সম্প্ৰসাৰনৰ বাবে পাছত আকৌ 35 বিঘা মাটিৰ প্ৰয়োজন হোৱাত মাটিৰ গৰাকীৰ পৰা আকৌ মাটি বিচৰাত গৰাকীয়ে নিজৰ খেতি মাটি দিয়ে চৰকাৰক ৷

বিভাগীয় কৰ্তৃপক্ষই সময় মতে মাটিৰ মূল্য দিয়াৰ আশ্বাস প্ৰদান কৰি গৰাকীৰ পৰা মাটি সংগ্ৰহ কৰি জাননী প্ৰেৰণ কৰে যদিও বৰ্তমানলৈকে পূৰ্বৰ নিৰ্ধাৰিত হাৰতো মাটিৰ মূল্য দিয়া নাই ৷ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াই 15 দিনৰ ভিতৰত মাটিৰ মূল্য গৰাকীয়ে পাব বুলি কথা দিয়াৰ পাছতো 2 বছৰ উকলি গ'ল,কিন্তু আজিলৈকে এটকাও নাপালে মাটিৰ গৰাকীয়ে ৷

উপায়ন্তৰ হৈ বুধবাৰে দক্ষিণগাঁৱৰ নিৰ্মীয়মান মেডিকেল কলেজৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখে ৷ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসম চৰকাৰ হায় হায়,অশোক শৰ্মা হাই হাই,হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে অতি শীঘ্ৰে মাটিৰ মূল্য দিবলৈও চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক: সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.