নলবাৰী, 6 ডিচেম্বৰ : নলবাৰী জিলা কাৰাগাৰত উপস্থিত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । বুধবাৰে নলবাৰী জিলা কাৰাগাৰৰ সন্মুখত কাৰাগাৰৰ কয়দীৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন বিপণী কেন্দ্ৰ মুকলি কৰে ৷ এই বিক্ৰী কেন্দ্ৰটো মুকলি কৰে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই । এই বিপণীখনত কেৱল কাৰাগাৰৰ কয়দীসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰা হ’ব ৷
লগতে এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা ৷ উল্লেখ্য যে, নাবাৰ্ড আৰু এন আৰ ডি এৰ সহযোগত নলবাৰী জিলা কাৰাগাৰৰ প্ৰায় 60 গৰাকী কয়দীক কাটিং, টেইলাৰিং আৰু ডিজাইনিঙৰ প্ৰশিক্ষণ দিয়া হয় । প্ৰায় ডেৰ মাহত 30 জনীয়া দুটাকৈ দলত বিভক্ত কৰি এই প্ৰশিক্ষণ দিয়া হৈছিল । এই বিপণীখন মুকলি কৰি কাৰাবাসীসকলক আগন্তক দিনত অসম চৰকাৰ দক্ষতা বিকাশ আৰু কাৰিকৰী বিভাগৰ তৰফৰ পৰা অত্যাধুনিক প্ৰশিক্ষণ দিয়া হ’ব বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
উল্লেখ্য যে, নলবাৰী জিলা কাৰাগাৰত পোন প্ৰথমবাৰৰ বাবে কাৰবাসীৰ দ্বাৰা এনে পদক্ষেপ লোৱা হয় বুলি জনায় কাৰাগাৰ কৰ্তৃপক্ষই । ইয়াৰ মাজতে সাংবাদিকৰ সন্মুখত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সন্দৰ্ভত তীক্ষ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় যে, ৰাজনৈতিক প্ৰেক্ষাপটত বিৰোধী অৱশ্যক কিন্তু কংগ্ৰেছৰ পৰম্পৰা, পৰিয়াল কেন্দ্ৰীক, ক্ষমতা কেন্দ্ৰীক ৰাজনীতিক ৰাইজে আৰু এতিয়া আদৰি নলয় ৷
আনহাতে বি টি আৰত বিজেপিৰ ভেটি খহাই বিপিএফত ইজনৰ পিচত নেতাই যোগদান কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় যে, বিজেপি বিপিএফৰে মিত্ৰযোঁটৰ সময়ত থকা নেতাবোৰেহে একো নাপাই পুনৰ বিপিএফলৈ যোৱা বুলি কয় । ইয়াক লৈ বিটিআৰত বিজেপিৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । বিটিআৰত পূৰ্বতকৈ বিজেপি অধিক শক্তিশালী হোৱা বুলিহে মন্তব্য কৰে মন্ত্ৰী বৰুৱাই ।
লগতে পঢ়ক: মনোৰম কপিলীত পৰ্যটকৰ ভিৰ