নলবাৰী, ৩০ ডিচেম্বৰ: কৃষি আইন বাতিল কৰিবলৈ কৃষকে জনাই অহা দাবী আওকাণ কৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে যুৱ কংগ্ৰেছ । নলবাৰী থানা চকত হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কৃষি আইনৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীয়ে ।
নলবাৰী যুৱ কংগ্ৰেছ আৰু নলবাৰী সমষ্টিৰ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কংগ্ৰেছ কৰ্মীসকলে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে নলবাৰীৰ ৰাজপথ ।