ETV Bharat / state

SMKCH in Nalbari : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা-পৰিসেৱাক অৱনমিত কৰাৰ অভিযোগ - শ্বহীদ মুকুন্দ কাকতি

২৩৫ ৰ পৰা ৫০ খন বিচনালৈ হ্ৰাস কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নতুনকৈ শুভাৰম্ভ কৰিবলৈ লোৱা কাৰ্যক কেতিয়াও মানি নোলোৱাৰ হুংকাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ । সংবাদমেল যোগে ক্ষোভ উজাৰে সুৰক্ষা সমিতিয়ে ।

Swahid Mukunda Kakati Civil Hospital Nalbari
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 9:11 PM IST

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ সংবাদমেল

নলবাৰী, 15 নৱেম্বৰ: নলবাৰী জিলাৰ লাখ লাখ মানুহৰ আশা, ভৰসা, মৰ্মবেদনাক আওকাণ কৰি 16 নৱেম্বৰত মাত্ৰ 50 খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় মুকলি কৰিব ৰাজ্য চৰকাৰে ৷ ইয়াকে লৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে বুধবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত 8 মাহ ধৰি চলি থকা ধাৰাবাহিক আন্দোলনৰ নেতৃত্বত থকা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি, নলবাৰী তথা নলবৰীয়া ৰাইজৰ লগত কোনোধৰণৰ আলাপ-আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে একপক্ষীয় সিদ্ধান্ত জাপি দিয়া বুলি সদৰী কৰে ৷ লগতে 235 খন বিছনাযুক্ত নলবাৰী অসামৰিক চিকিৎসালয়খনক 50 খন বিচনাযুক্ত হাস্পতাললৈ ৰূপান্তৰিত কৰাৰ যোগেদি কাৰ্যতঃ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱাক অৱনমিত কৰাৰ অভিযোগ আনে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ৷

এনেধৰণৰ ব্যৱস্থা কাৰ্যকৰী হ'লে প্ৰতিটো বিভাগৰ বাবে 5 ৰ পৰা 10 খন বিচনাৰ ব্যৱস্থা থাকিব বুলি মন্তব্য কৰি চৰকাৰে নতুনকৈ মুকলি কৰিব খোজা চিকিৎসালয়খন লাখ লাখ মানুহৰ বাবে কাৰ্যতঃ ৰেফাৰেল চেন্টাৰলৈহে পৰ্যবসিত হব বুলি সদৰী কৰে সমিতিয়ে৷ ধনৰ অভাৱত জুৰুলা দৰিদ্ৰ ৰাইজৰ কাৰণে ব্যক্তিগত নাৰ্ছিং হোম অথবা নলবাৰী মেডিকেল কলেজলৈ গৈ চিকিৎসাৰ সুযোগ নথকাৰ কাৰণে বিনা চিকিৎসাত জীয়াতু ভুগিব লাগিব বুলিও সদৰী কৰে সুৰক্ষা সমিতিয়ে ৷ লগতে চৰকাৰৰ এনে একপক্ষীয় সিদ্ধান্তত বহুতেই অকালতে প্ৰাণ হেৰুৱাৱ লাগিব বুলিও কয় তেওঁলোক ৷

চৰকাৰৰ এনে জনবিৰোধী স্থিতিত নলবাৰীৰ ৰাইজ ক্ষোভিত তথা ব্যথিত হোৱা বুলি মন্তব্য কৰি এনে স্থিতি মুঠেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে সুৰক্ষা সমিতিৰ বিষয়ববীয়াই ৷ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে পুনৰ 235 খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ বাবে বলিষ্ঠতাৰে দাবী জনাই এই সংবাদমেলযোগে ৷ অন্যথা 235 খন বিচনাযুক্ত নলবাৰী চিভিল হাস্পতালখনৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই নিদিয়ালৈকে নলবাৰী জিলাৰ ৰাইজ ক্ষান্ত নহয় বুলি হুংকাৰ দিয়ে ৷

আগন্তক দিনত এইক্ষেত্ৰত তীব্ৰৰ পৰা তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলি চৰকাৰক মূল দাবী মানি লবলৈ বাধ্য কৰাব বুলি জানিবলৈ দিয়ে সমিতিয়ে ৷ 235 খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন পুনৰ প্ৰতিষ্ঠাৰ বিষয়ে ঘোষণা নিদিয়ালৈকে হাস্পতালখনৰ বৰ্তমান বিল্ডিঙৰ ওপৰত কোনোধৰণৰ হস্তক্ষেপ কৰা নচলিব বুলিও হুংকাৰ প্ৰদান কৰে সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকলে ৷

এই সংবাদমেলত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি, নলবাৰীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈন, উপ-সভাপতি জ্ঞানেন চক্ৰৱৰ্তী, প্ৰজ্জ্বল দেৱ, সহ-সম্পাদক দিব্যজ্যোতি হালৈ আৰু মুনীন্দ্ৰ দলে উপস্থিত থাকে ৷

লগতে পঢ়ক : Chandra Mohan Patowary in Baksa: বাক্সাত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.