নলবাৰী, 23 জানুৱাৰী : চৰকাৰী ধনৰ অপব্যয় কৰি বিজেপিয়ে আয়োজন কৰিছে বিজয় সংকল্প সমাৰোহ । ২৫০ লাখ মানুহ আনিবলৈ কমেও ৪ হাজাৰখন বাছ আৰু ১৫ হাজাৰখনৰো অধিক সৰু গাড়ীৰ প্ৰয়োজন হ'ব ৷ নহ'লে ২৫০ লাখ মানুহৰ সমাগম হোৱাটো কেনেকৈ সম্ভৱ ৷
২৪ জানুৱাৰীত নলবাৰীৰ কেন্দুকুছিত বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প সমাৰোহৰ প্ৰাক মূহুৰ্তত এক সংবাদমেল সম্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছ কমিতিয়ে ৷ নলবাৰী জিলা ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলতে এই অভিযোগ তোলে নলবাৰী জিলা কংগ্ৰেছ কমিতিয়ে ৷
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখাপাত্ৰ দূৰ্গা দাস বড়োৱে সংবাদিকক সম্বোধন কৰি কয়, বিজেপিয়ে ঋণৰ টকাৰে এই বিজয় সংকল্প সমাৰোহৰ আয়োজন কৰিছে ৷ ৮০ হাজাৰ কৌটিৰো অধীক ঋন বোজা দেশৰ জনতাৰ ওপৰত বিজেপি চৰকাৰে জাপি দিছে বুলি মন্তব্য প্ৰকাশ কৰে দূৰ্গা দাস বড়োৱে।
21 নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিজেপিয়ে বিভিন্ন হিতাধিকাৰী আঁচনিৰে নিজৰ দুৰ্বলতা খিনি লুকুৱাব বিছাৰিছে ৷ কা' অসমত কাৰ্যকৰী কৰা জৰিয়তে বিদেশী সমস্যা সমাধান আৰু অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়নৰ বিষয়ত সম্পূৰ্ণ ভেঙোচালি কৰিছে বিজেপিয়ে ৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখাপাত্ৰ দূৰ্গা দাস বড়োৱে কয় ৷
উল্লেখ্য যে, ২৪ জানুৱাৰীত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত হ'ব বিজেপি বিজয় সংকল্প সমাৰোহ ৷ উক্ত সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
লগতে পঢ়ক: কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ