নলবাৰী,5 জানুৱাৰীঃ দুই-এদিনতে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব । নলবাৰীত মঙলবাৰে আয়োজিত এক সংবাদমেলত এই কথা জনালে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ৰাছেল হুছেইনে । নলবাৰী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেল খনত নেতাগৰাকীয়ে শাসনাধিষ্ঠ চৰকাৰক তীব্ৰ কটাক্ষ কৰে নেতা গৰাকীয়ে। তেওঁ চৰকাৰে আঁচনি ৰূপায়ণৰ নামত এতিয়ালৈকে ৰাইজৰ মূৰৰ ওপৰত ৪৩ হেজাৰ কোটি টকাৰ ধাৰৰ বোজা জাপি দি ৰাইজক কোঙা কৰি পেলোৱা বুলি তীব্ৰ সমালোচনা কৰে । একেদৰে এডভান্টেজ অসমৰ নামত চৰকাৰে মাথো ধনৰহে শৰাধ হোৱা বুলি কৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ জিলাতে এটা উদ্যোগ স্থাপন কৰিব নোৱাৰা কাৰ্যকো সমালোচনা কৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে।
আনহাতে সংবাদ মেলখনিত দলটোৰ জিলা সভাপতি জ্ঞানেন চক্ৰৱৰ্তীয়ে এতিয়ালৈকে ৰাইজৰ দলৰে কাৰো মিত্ৰতা হোৱা নাই বুলি দোহাৰি নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিত দলটোৱে উপযুক্ত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰি দলটিয়ে নলবাৰী জিলাত এককভাৱে নিৰ্বাচনী কুচকাৱাজ চলাই যাব বুলি জনায়।
লগতে পঢ়কঃ মাজুলীত স্কুটী বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে