ETV Bharat / state

বৰমা বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰে মত বিনিময় বিমল বৰাৰ - electrical Sub Division

বাক্সাৰ বৰমাত উপস্থিত শক্তি মন্ত্ৰী বিমল বৰা । নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

power minister Bimal Bora visit barama electricity Sub-Division
বৰমা বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰে মত বিনিময় শক্তিমন্ত্ৰীৰ
author img

By

Published : Aug 30, 2021, 12:43 PM IST

নলবাৰী, 30 আগষ্ট : নলবাৰী-বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰঝাৰস্থিত বৰমাৰ বিদ্যুৎ উপ সংমণ্ডলত দেওবাৰে শক্তি মন্ত্ৰী বিমল বৰা উপস্থিত হয় ৷ বিভাগীয় কাৰ্যালয়টোত উপস্থিত হৈ শক্তি মন্ত্ৰী বৰাই কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে ।

power minister Bimal Bora visit barama electricity Sub-Division
বৰমা বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰে মত বিনিময় শক্তিমন্ত্ৰীৰ

শক্তি মন্ত্ৰীৰে মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বজালীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে বিদ্যুৎ বিভাগৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকল ৷ সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী বিমল বৰাই কাৰ্যালয়টোৰ কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ২০১৬ চনৰ পৰা অসমৰ বিদ্যুত বিভাগে এক নতুন দিগন্তৰ সূচনা কৰা বুলিও মত প্ৰকাশ কৰে ।

মন্ত্ৰীগৰাকীয়ে সৌভাগ্য আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৫৭ হাজাৰ গ্ৰাহকে বিদ্যুৎ সংযোগ লাভ কৰিছে বুলিও মত প্ৰকাশ কৰে ৷ আনহাতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কৰা ক্ষতিৰ সন্দৰ্ভত কৰা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ পৰ্যালোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কিয় বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.