ETV Bharat / state

নলবাৰী সমষ্টিৰ বাবে পোষ্টেল ভোটাৰৰ দল ৰাওনা - অসম বিধানসভা নিৰ্বাচন ২০২১

এইবাৰ নিৰ্বাচনত কোনো ধৰণৰ ব্যক্তি ভোট প্ৰদানৰ পৰা বঞ্চিত নোহোৱাৰ বাবে পোষ্টেল ভোটৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে । সেয়েহে দ্বিতীয় পৰ্যায়ত নলবাৰী বিধানসভা সমষ্টিত হ’ব লগা ভোটৰ বাবে শনিবাৰে পুৱা নলবাৰীৰ পৰা ১১ টাকৈ দল পোষ্টেল ভোটৰ বাবে ৰাওনা হৈছে ।

নলবাৰী সমষ্টিৰ বাবে পোষ্টেল ভোটাৰৰ দল ৰাওনা

author img

By

Published : Mar 20, 2021, 4:34 PM IST

নলবাৰী,20 মাৰ্চঃ নিৰ্বাচন আয়োগে এইবাৰ নতুনকৈ সংযোজন কৰা পোষ্টেল ভোটদানৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচনী বিষয়াৰ দল ৰাওনা । উল্লেখযোগ্য যে, এইবাৰ নিৰ্বাচনত কোনো ধৰণৰ ব্যক্তি ভোট প্ৰদানৰ পৰা বঞ্চিত নোহোৱাৰ বাবে পোষ্টেল ভোটৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে । সেয়েহে দ্বিতীয় পৰ্যায়ত নলবাৰী বিধানসভা সমষ্টিত হ’ব লগা ভোটৰ বাবে শনিবাৰে পুৱা নলবাৰীৰ পৰা ১১ টাকৈ দল পোষ্টেল ভোটৰ বাবে ৰাওনা হৈছে ।

ইয়াৰ জৰিয়তে বিশেষভাৱে লোক আৰু ৮০ বছৰৰ ঊৰ্ধৰ সকলো লোকে ভোট প্ৰদান কৰিব পাৰিব । আনহাতে পোষ্টেল ভোটদানৰ এই প্ৰক্ৰিয়া আজিৰ পৰা চাৰিদিন চলিব সমষ্টিটোত । উল্লেখযোগ্য যে, এই দলটোত পৰ্যবেক্ষক, আৰক্ষী, ভিডিঅ’গ্ৰাফী আৰু এজন পুলিং অফিচাৰ থাকিব ৷ পোষ্টেলযোগে লাভ কৰা ভোটসমূহ কোষাগাৰৰ ষ্টং ৰূমত ৰখা হ’ব ৷

লগতে পঢ়কঃ ঢোলৰ মাতত গুম-গুমাইছে চৌকিদিঙীৰ আকাশ-বতাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.