ETV Bharat / state

Poor road condition: গাভৰুসকলৰ বাবে অভিশপ্ত এটা পথ

author img

By

Published : Aug 2, 2023, 5:28 PM IST

নলবাৰীত এটা পথৰ দুৰাৱস্থাৰ বাবে কইনা চাবলৈ নাহে কোনো ল'ৰাই । নলবাৰীৰ সদৰৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ আতৰত থকা এই গাঁওখনলৈ ৰোগী নিবলৈও আহিব নোৱাৰে এম্বুলেন্স । উপায়ন্তৰ জনতাৰ বিধায়কৰ ওপৰত ক্ষোভ । সাব্যস্ত কৰে প্ৰতিবাদ ।

Poor road condition in Nalbari
গাভৰুসকলৰ বাবে অভিশাপ এটা পথ
গাভৰুসকলৰ বাবে অভিশাপ এটা পথ

নলবাৰী,২ আগষ্ট: উন্নয়নৰ চিন বোলে ৰাাস্তা-ঘাটে দিয়ে । যদি এখন গাঁৱৰ পথবোৰ পথ নে পথাৰ চিনাটোৱে টান হয় তেন্তে উন্নয়ণ হোৱা বুলিনো কেনেকৈ ক'ব পাৰি ! যদি উন্নয়নেই নহয় তেনেহ'লে সেইখন গাঁৱৰ পৰা বিয়া পাতিবলৈ সাহস কৰিবনো কোনে ! নলবাৰীৰ এখন গাঁৱতো এতিয়া এনে এক পৰিৱেশ ।

এটা পথৰ বাবেই নলবাৰীৰ এখন গাঁৱলৈ কইনা চাবলৈ নাহে কোনো যুৱকে ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিৰ নিজ মৌজা বাহজানীৰ এটা পথৰ দুৰাৱস্থাই বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাই আহিছে বৃহত্তৰ অঞ্চলবাসীক । পথটো অৱস্থা অত্যন্ত বেয়া হোৱাৰ বাবেই সেই অঞ্চলৰ ছোৱালী চাবলৈ নাহে কোনো ল'ৰাই । এই অভিযোগ স্থানীয় ৰাইজৰ ।

ইফালে পথচোৱাৰ দুৰাৱস্থাৰ বাবে গাঁওখনলৈ ৰোগী নিবলৈও আহিব নোৱাৰে এম্বুলেন্স ৷ অৱশেষত উপায়বিহীন গঞাই জনপ্ৰতিনিধিৰ চকু মেল খুৱাবলৈ সাব্যস্ত কৰে প্ৰতিবাদ । জিলাখনৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত বাঁহজানীৰ ভেলাখাট চুবুৰীৰ বাবে এতিয়া এই পথচোৱা পথ হৈ পৰিছে মৃত্যুদুত কিম্বা গাভৰু যুৱতীসকলৰ বাবে হৈ পৰিছে অভিশাপ ।

সুদীৰ্ঘ পাঁচবছৰে এই পথটোত দেখা গৈছে প্ৰায় তিনি/চাৰি ফুট দঁ একো একোটা গাঁত ৷ এই গাঁততেই পৰি ইতিমধ্যে বহুলোকে পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকসকলে ৷ এই পথটোৰ বাবে ভেলাখাট চুবুৰীত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স ৷ আনহাতে এই পথটোৰ বাবে দৰা নাহে কইনা চাবলৈ ৷ বিয়া কৰাবলৈ আহিবলৈ ভয় কৰে এই পথটোৰ বাবে ৷

কিন্ত নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হয় কংগ্ৰেছ অথবা বিজেপিৰ প্ৰাৰ্থীসকল ৷ এই অভিযোগ স্থানীয় ভেলাখাটবাসীৰ ৷ দীৰ্ঘদিনৰ পিছত মঙলবাৰে ক্ষুব্ধ ভেলখাটবাসীয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷ পথচোৱা নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ স্থানীয় ৰাইজৰ ৷ কিন্ত ভেলাখাটবাসীৰ এই চিঞৰ শুনিবনে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই !

উন্নয়নৰ শ্ল'গান দি গাদী দখল কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজ সমষ্টিৰ নিজ মৌজা বাহজানীৰে এই দুৰাৱস্থা । মন্ত্ৰীগৰাকীৰ দম্ভালি মৰা উন্নয়নৰ ফুলজাৰি ফাটি ফুটি উঠাত মন্ত্ৰীগৰাকীৰ পৰৱৰ্তী সময়ত কি ধৰণে চকু পৰিব সেই অঞ্চলত সেয়া হ'ব লক্ষ্যনীয় ৷

লগতে পঢ়ক: Heatwave in Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.