নলবাৰী, 29 মে’ : বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত আৰু গুণগত শিক্ষা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ ৷ কিন্তু ইয়াৰ পাছতো ভঙা বিদ্যালয় গৃহতে বহি পঢ়িবলগা হৈছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ অৱস্থাই অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৷
1986 চনত স্থাপিত হোৱা কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয়(Poor infrastructure of nalbari koyajeni milan lp school) খন 2013 চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰাদেশীকৰণ কৰা হয় ৷ তেতিয়াৰ পৰা এটা বাঁহৰ ভঙা পঁজাতে পাঠদান চলি আছিল বিদ্যালয়খনৰ ৷ তাৰ মাজতে MSDP আঁচনিৰ অধীনত এটি গৃহ আৱণ্টন দিয়ে যদিও মাত্ৰ ভেটিটো নিৰ্মাণ কৰিয়ে কাম সামৰে বিদ্যালয় নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে ৷
সম্প্ৰতি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা গৃহটোৰ ওপৰত কোনোমতে এখন চালি সাজি দি টিনপাতৰ বেৰ দিয়েই পাঠদান কাৰ্য চলাই আছে ৷ কিন্তু ৰ’দ-বৰষুণ দুয়োটাতে পাঠদান কাৰ্য ব্যাহত হৈ পৰে ৷ ইতিমধ্যে বিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ বাবে বিয়াগোম শিক্ষা বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিসকলক বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে আবেদন জনাই আহিছে যদিও কোনোৱে ভ্ৰূক্ষেপ কৰা নাই বিদ্যালয়খনৰ সমস্যাক ৷
জানিব পৰা মতে, 2019 চনৰ 30 এপ্ৰিলত বিদ্যালয়খনৰ পূৰ্বৰ প্ৰধান শিক্ষক গৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এগৰাকী শিক্ষকৰে পাঠদান চলি আছে বিদ্যালয়খনৰ 6 টাকৈ শ্ৰেণীৰ ৷ এই শ্ৰেণীসমূহত আছে প্ৰায় 45 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ মাজে মাজে অন্য বিদ্যালয়ৰ পৰা পাঠদানৰ বাবে একোগৰাকীকৈ শিক্ষক অনা হয় যদিও তেওঁলোকো বেছিদিন নাথাকে বিদ্যালয়খনত ৷ এটা শিক্ষাবৰ্ষৰ অধিকাংশ সময়ে এজনীয়া শিক্ষকৰ দ্বাৰাই চলে পাঠদান কাৰ্য ৷
এই সকলোবোৰৰ উপৰিও বিদ্যালয়খনৰ সন্মুখত আছে এটি বৃহৎ পুখুৰী ৷ এই পুখুৰীটোৰ পাৰে পাৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নিতৌ অহা-যোৱা কৰিবলগীয়াত পৰে ৷ পুখুৰীৰ পাৰটো দিনে দিনে খহি যাবলৈ ধৰাত ৰাস্তাটো প্ৰায় নিশ্চিহ্ন হৈ আহিব ধৰিছে ৷ এনে এটি বিপদসংকুল পথেৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকল অহা-যোৱা কৰাটো কিমান সমীচিন, তাক লৈ নীৰৱ ভূমিকা পালন কৰিছে শিক্ষা বিভাগৰ বৰমূৰীয়াসকলে ৷ এনে এক পৰিৱেশৰ মাজতে 1 জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ(Gunotsav 2022) বাবে কিদৰে বিদ্যালয়খন সাজু হয়, তাকে লৈ বিপাঙত পৰিছে শিক্ষক ৰৌচান আলী ৷
লগতে চাওক: Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য