নলবাৰী,9 জানুৱাৰীঃ ৰাজ্য চৰকাৰে সততে শিক্ষা ব্যৱস্থাৰ উন্নয়ন হোৱা বুলি সদম্ভে ঘোষণা কৰি আহিছে ৷ কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে নলবাৰী জিলাৰ দক্ষিণ-প্ৰান্তত অৱস্থিত মাকালডোৱা প্ৰাথমিক বিদ্যালয় খনৰ দুৰাৱস্থাৰ প্ৰকৃত দৃশ্য । বিদ্যালয় খনৰ আন্তঃগাঠনি অভাব হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে গোহালি সদৃশ পৰিবেশত পাঠ গ্ৰহণ কৰিব লগা গৈছে ৷
উল্লেখযোগ্য যে,১৯৮০ চনতে স্থাপন হোৱা বিদ্যালয় খনৰ নাই কোনো স্থায়ী গৃহ । বছৰ-বছৰ ধৰি এটা জৰাজীৰ্ণ বাসগৃহতে ৪০ জনতকৈ অধিক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে । কেতিয়াবা যদি মুকলি আকাশৰ তলত কেতিয়াবা আকৌ উক্ত গৃহটোতে দুজন শিক্ষকে শিক্ষাদান কৰি আহিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক । বিদ্যালয় খনৰ কৰ্তৃপক্ষই শিক্ষা বিভাগক বাৰম্বাৰ বিদ্যালয় খনৰ দুৰাৱস্থাৰ বিষয়ে জনাই আহিছে যদিও আজিকোপতি চৰকাৰ খনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়কঃ জনীয়াত প্ৰায় দহ সহস্ৰাধিক এআইইউডিএফ সদস্যই যোগ দিব এজেপিত