ৰঙিয়া, 13 ছেপ্টেম্বৰ: ধোবাংবাং ৰাজ্যৰ চৰকাৰী বিদ্যালয় ৷ ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰেহে কৰে কিন্তু এতিয়াও গা ল’ৰা নাই একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ শিক্ষা বিভাগৰ মানদণ্ড কৰাৰ হেতুকে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত কঠোৰ নিয়ম প্ৰৱৰ্তন কৰাৰ পিছতো চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে জ্বলা-কলা দেখুৱাইছে ছাত্ৰ-ছাত্ৰীক ৷
ৰঙিয়াৰ এখন চৰকাৰী বিদ্যালয়ত উভতগোৰে নচা দুই শিক্ষক-শিক্ষয়িত্ৰীৰ উৎপাতত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ বিপাঙত পৰিছে অভিভাৱক (Poor condition of Rangias govt school)৷ এইখন ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় ৷ অঞ্চলটোৰ লোকসকলে ভৰসা কৰিব পৰা এইখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰুৰ কৰ্ম-কাণ্ডই সকলোৰে চকু কঁপালত তুলিছে ৷
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰী-ছাত্ৰীক বান্দৰ, চোৰ ডকাইত বুলি কৰে সম্বোধন ৷ এই অভিযোগ উত্থাপন কৰিলে খোদ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ শিক্ষাগুৰুৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক ৷
ক্ষুব্ধ অভিভাৱকে সাংবাদিকক জনায় যে ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক একো নপঢ়ায় ৷ ল’ৰা ছোৱালীয়ে নিজৰ নামটো লিখিবও নাজানে ৷ ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে একো নাজানে, ছাত্ৰ-ছাত্ৰীক বেয়া ব্যৱহাৰ কৰে ৷ সময়মতে বিদ্যালত কেতিয়াও উপস্থিত নহয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ীত্ৰী ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ইমানেই শিক্ষা দিছে ছাত্ৰ-ছাত্ৰীক অভিভাৱকে ইয়াৰ পৰা ল’ৰা ছোৱালী লৈ যাবলৈ বাধ্য হৈছে ৷
এই কাণ্ডৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে উপযুক্ত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীয়ে । উপায়হীন ৰাইজে অৱশেষত মঙলবাৰে দুয়োগৰাকী শিক্ষকক ঘেৰাও কৰি জবাবদিহি কৰে ৷
ইয়াৰ পিছতে চৰকাৰী বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ বনিয়াৰে ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খাই কলে ছাত্ৰ-ছাত্ৰীক খং উঠিলে মাৰপিট কৰে কিন্তু ছাত্ৰ-ছাত্ৰীক চোৰ-ডকাইত বুলি সম্বোধন নকৰে । তেওঁ ছাত্ৰ-ছাত্ৰীক কেমেৰা সন্মুখতে সোধে যে তেঁও প্ৰতিদিনেই ব’ৰ্ডত অংক কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক মাতেনে নাই? এই প্ৰশ্নৰ সত্য উত্তৰ দিবলৈ ছাত্ৰ-ছাত্ৰীক অনুৰোধ কৰে শিক্ষকগৰাকীয়ে ৷
ইয়াৰ লগতে অভিভাৱকৰ অভিযোগ নস্যাৎ কৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকী হিমানী কলিতাই কয় যে তেওঁৰ সদায় দেৰি নহয়৷ কেতিয়াবাহে পলম হয় ৷ তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক তুমি বুলিয়েই সম্বোধন কৰে৷ খং উঠিলে কেতিয়াবা তই বুলি সম্বোধন কৰে৷ ইফালে বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষৰ অভাৱত তেওঁ নিজেই ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰায় ৷
উল্লেখ্য যে ১৯৫২ চনতে স্থাপন হোৱা বিদ্যালয়খনত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫৭ গৰাকী । সেই ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় দুগৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ । তেওঁলোকে ৰাইজক আশ্বাস দিয়ে যে ভৱিষ্যতে বিদ্যালয়ত উপস্থিত হওতে পলম নহয় ।
কিন্তু নাই ৰাইজে কোনোপধ্যেই পতিয়ন নাযায় দুই শিক্ষকৰ আশ্বাসত৷ অঞ্চলটোৰ ৰাইজে সুদীৰ্ঘ ২৫ বছৰে অভিভাৱকসকলে তেওঁলোকক ভৰসা কৰিছিল ৷ সেয়ে এইবাৰ কৰ্তব্যত গাফিলতি কৰা এই দুগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক ইয়াৰ পৰা বদলি কৰি অন্য শিক্ষক নিযুক্ত কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয়ে ৰাইজে ৷
লগতে পঢ়ক: ভূমিহীনক ভূমি প্ৰদানৰ দাবীত উত্তাল চচলৰ প্ৰতিবাদ স্থলী