ETV Bharat / state

উদ্যোগ মন্ত্ৰীৰ গৃহজিলাত বাজিছে উদ্যোগৰ মৃত্যুঘণ্টা

নলবাৰীৰ বাঁহজানীৰ গোপাল থানস্থিত হাত কাকত উদ্যোগ (Hand Made Paper Industry) অচলাৱস্থাত ৷ বিগত বহু মাহ ধৰি বন্ধ হৈ আছে উত্তৰ-পূৱৰ প্ৰথমটো হাত কাকত উদ্যোগ ৷ মেচিন অবিহনে হাতেৰেই কাম কৰি আছে উদ্যোগটোৰ কৰ্মচাৰীসকলে ৷

author img

By

Published : Jul 15, 2021, 7:57 PM IST

nalbari hand made paper industry condition
নলবাৰীৰ হাত কাকত উদ্যোগৰ দুৰাৱস্থা

নলবাৰী,15 জুলাই : ৰাজ্যিক উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandra Mohan Patowary)ৰ গৃহজিলা নলবাৰীত বাজিছে উদ্যোগৰ মৃত্যুঘণ্টা ৷ ধ্বংসৰ গৰাহত পৰিছে জিলাখনৰ ইটোৰ পাচত আনটো উদ্যোগ ৷ নলবাৰীৰ বাঁহজানীৰ গোপাল থানস্থিত হাত কাকত উদ্যোগ (Hand Made Paper Industry)ৰ আৰ্থিক অৱস্থা বৰ্তমান শোচনীয় ৷ অচলাৱস্থাত আছে এই হাত কাকত উদ্যোগটো ৷ 1972 চনত জিলাখনত স্থাপন হৈছিল উত্তৰ-পূৱৰ প্ৰথমটো হাত কাকত উদ্যোগ ৷

বিদ্যুৎ সংযোগ তথা কম সংখ্যক কৰ্মচাৰীৰ অভাৱত বিগত বহু মাহ ধৰি বন্ধ হৈ আছে এই উদ্যোগটো ৷ উদ্যোগটোত ব্যৱহৃত লাখটকীয়া মেচিনসমূহো বিকল হৈ পৰা পৰিলক্ষিত হৈছে ৷ উদ্যোগটোৰ অচলাৱস্থাক লৈ এতিয়া শংকিত হৈ পৰিছে উদ্যোগটোত কৰ্মৰত কৰ্মচাৰীসকল ৷

নলবাৰীৰ হাত কাকত উদ্যোগৰ দুৰাৱস্থা

উল্লেখ্য যে, নলবাৰীৰ 7 জনকৈ কৰ্মচাৰী কাম কৰি থকা উদ্যোগটোত বৰ্তমানেও নিয়মীয়াকৰণ হোৱা নাই চাৰিগৰাকী কৰ্মচাৰীৰ চাকৰি ।

কিন্তু তথাপিও মেচিন অবিহনে হাতেৰেই ফাইল বেগ, পেপাৰ বেগ, ফাইল ক’ভাৰকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আহিছে কৰ্মচাৰীকেইজনে । মৃত্যুমুখী যাত্ৰাত থকা এই উদ্যোগটো পুনৰুজ্জীৱিতকৰণত এতিয়াও দৃষ্টিগোচৰ হোৱা নাই চৰকাৰ কিম্বা স্থানীয় বিধায়কৰ ৷ নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ ৰাজ্যত গ্ৰামাঞ্চলসমূহৰ এনে উদ্যোগসমূহে সংস্থাপনৰ বাট মুকলি কৰিব পাৰে বহু নিৱনুৱা যুৱক-যুৱতীৰ ৷

গতিকে দুৰাৱস্থাৰ মুখ দেখা এনে উদ্যোগসমূহত দৃষ্টিগোচৰ হ’বনে চৰকাৰ তথা ৰাজ্যৰ উদ্যোগ বিভাগৰ ? নলবাৰীৰ হাত কাকত উদ্যোগটো পুনৰ জীয়াই ৰখাত ব্যৱস্থা গ্ৰহণ কৰিবনে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ? উদ্যোগটোৰ কৰ্মচাৰীসকলৰ মাজত উত্থাপন হৈছে এনে বহু প্ৰশ্নৰ ৷

লগতে পঢ়ক : কণীৰ খোলাত ৰাষ্ট্ৰসংঘৰ পতাকা অংকণেৰে অভিলেখ গঢ়া এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.