ETV Bharat / state

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া

নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তই উৎকোচ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ 22,000 টকা উৎকোচ লৈ অভিযুক্তক দিলে জামিন ৷

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া
author img

By

Published : Aug 1, 2019, 9:00 PM IST

নলবাৰী,1আগষ্ট: নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তই উৎকোচ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বৃহস্পতিবাৰে অঞ্চলবাসী ক্ষোভিত হৈ কমাৰকুছি আৰক্ষী থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া

উল্লেখ্য যে, কুমাৰ নমঃশুদ্ৰ নামৰ এজন মাছ ব্যৱসায়ীৰ লগত শিক্ষক বলেন ভড়ালী, ৰিন্টু ভড়ালী ,মিন্টু ভড়ালী আৰু বলিষ্ঠ ভড়ালীৰ সাধাৰণ এটা কথাতে তৰ্ক-বিতৰ্ক হয় ৷ এই বিতৰ্কৰ বাবে মাছমৰীয়াজনে কমাৰকুছি আৰক্ষী চকীত উত্তৰকুছীৰ শিক্ষক বলেন ভড়ালী, ৰিন্টু ভড়ালী ,মিন্টু ভড়ালী আৰু বলিষ্ঠ ভড়ালীৰ ওপৰত 29 জুনত তৰিছিল গোচৰ ৷ সেই গোচৰ মীমাংসা কৰিম বুলি আৰক্ষী বিষয়া আশীষ মহন্তই বুধবাৰে থানালৈ মাতি আনিছিল শিক্ষক বলেন ভড়ালী লগতে চাৰি অভিযুক্তক ৷ আৰক্ষী চকীত আহি পোৱাৰ লগে লগে চাৰি অভিযুক্তক লক-আপত ভৰাই অশালীন ব্যৱহাৰ কৰাৰ লগতে জামিনত এৰি দিম বুলি কৈ চল্লিশ হাজাৰ টকা দাবী কৰে বিষয়াজনে ৷ উপায়বিহীন হৈ অভিযুক্ত সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তক 22,000 টকা উৎকোচ প্ৰদান কৰে ৷ টকা লৈ আশীষ মহন্তই অভিযুক্ত সকলক যাবলৈ দিয়ে ৷ ইফালে, এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক শিক্ষক বলেন ভড়ালীয়ে অৱগত কৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে আৰক্ষী বিষয়াৰ উপযুক্ত শাস্তিৰ দাবীত কমাৰকুছি থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ কৰে ৷

Intro:নলবাৰীত কমাৰকুছি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উৎকোচ লোৱাৰ।Body:টকা নহ'লে এখোজো নিদিয়ে অসম পুলিচে । আচামী পালেই লকলকাই পুলিচৰ জিভা । আৰু টকা লৈ এৰি দিয়ে আচামী । এনে অভিযোগ পুনৰ উত্থাপন হৈছে নলবাৰীত । নলবাৰীৰ কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তই এগৰাকী সাধাৰণ আচামী ধৰি 22 হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত আজি এইদৰে ক্ষুদ্ধ গঞাঁই ঘেৰাও কৰিলে কমাৰকুছি আৰক্ষী থানা । এগৰাকী মাছ ব্যৱসায়ীৰ লগত সাধাৰণ কথা কটাকটি হোৱাৰ পিছত মাছ ব্যৱসায়ী কুমাৰ নমঃশুদ্ৰই কমাৰকুছি আৰক্ষী চকীত উত্তৰকুছীৰ শিক্ষক বলেন ভড়ালী, ৰিন্টু ভড়ালী ,মিন্টু ভড়ালী আৰু বলিষ্ঠ ভড়ালীৰ ওপৰত যোৱা 29 জুনত তৰিচিল গোচৰ । আৰু সেই গোচৰ মীমাংসা কৰিম বুলি কালি থানালৈ মাতি আনিছিল শিক্ষক বলেন ভড়ালী সহ চাৰি অভিযুক্তক । আৰক্ষী চকীত আহি পোৱাৰ লগে লগে চাৰি অভিযুক্তক লক আপত ভৰাই অভদ্ৰ ব্যবহাৰ কৰাৰ লগতে জামিনত এৰি দিম বুলি কৈ চল্লিশ হাজাৰ টকা দাবী কৰে । উপায় বিহীন হৈ অভিযুক্ত সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তক 22000 টকা উৎকোচ প্ৰদান কৰে । আৰু ঘোচখোৰ আশীষ মহন্তই অভিযুক্ত সকলক যাবলৈ দিয়ে।
কিন্তু ইমানতে ঘটনাৰ অন্ত নপৰিল । এইদৰে টকা ভৰি ৰাতি টুপনি নহা শিক্ষক বলেন ভড়ালীয়ে গাঁৱৰ ৰাইজক কথাটো অবগত কৰে । আশীষ মহন্তৰ টকাৰ লোভত অতিষ্ঠ হৈ পৰিছিল গঞা । আৰু আজি এই গৰাকী লম্পট আৰক্ষী বিষয়াৰ উপযুক্ত শাস্তিৰ দাবীত এইদৰে থানা ঘেৰাও কৰি জনালে প্ৰতিবাদ । ৰাইজৰ প্ৰতিবাদত কপি উঠিল আৰক্ষী চকী চৌহদ । এতিয়া এইগৰাকী ঘোচখোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.