নলবাৰী,৮ জুলাই: সমাজক বিশৃংখল কৰা তথা যুৱ চামক বিপথে কঢ়িয়াই নিয়া নিচাজাতীয় দ্ৰব্যৰ লগতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত আবকাৰী বিভাগ তথা আৰক্ষীয়ে এইসমূহ সামগ্ৰী জব্দ কৰি আহিছে যদিও এতিয়াও অবাধে চলি আছে চুলাই মদৰ বেহা । সমান্তৰালভাৱে আৰক্ষী তথা আবকাৰী বিভাগে অবিৰতভাৱে চলাই গৈছে অভিযান(Police-excise department raid against liquor) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে শুকুৰবাৰে চুলাই মদৰ বিৰুদ্ধে অভিযান চলালে নলবাৰীত ।
নলবাৰী আৰু টিহু আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে আজি নলবাৰী চহৰৰ সমীপৰ লাওদলত চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই । নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লাওদল চ'কত নলবাৰী সদৰ আবকাৰী বিভাগ আৰু টিহু আবকাৰী বিভাগৰ যৌথ প্ৰচেষ্টাত এটা আভিযানকাৰী দলে চুলাই মদ বিৰুদ্ধে অভিযান চলাই । অভিযানত প্ৰায় ১২০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে(120 litres of sulai liquor seized in Nalbari) ।
লগতে জব্দ কৰে চুলাই মদ বনোৱা ৫০ বিধ সামগ্ৰী । উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ খবৰ পাই মদ বিক্ৰিৰ লগত জড়িত ব্যক্তিকেইজন সেই স্থানৰ পৰা পলায়ন কৰে । আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান আগলৈকো চহৰখনৰ গাতে লাগি থকা অঞ্চল সমুহত অব্যাহত খাকিব বুলি সদৰী কৰে আভিযানকাৰী দলটোৱে ।
লগতে পঢ়ক: ব্যৱহাৰৰ পূর্বেই জৰাজীৰ্ণ ৰূপ ললে পশু চিকিৎসা কেন্দ্রই