ETV Bharat / state

পঞ্চায়ত বিভাগৰ নিযুক্তিত ব্যাপক কেলেংকাৰীৰ অভিযোগ - বিজেপি নেতা পালিনেতা

নিযুক্তি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী সচেতন ৰাইজৰ

পঞ্চায়ত বিভাগৰ নিযুক্তিত ব্যাপক কেলেংকাৰীৰ অভিযোগ
author img

By

Published : Mar 7, 2019, 9:00 PM IST

নলবাৰী,৭ মাৰ্চঃ "শূণ্য সহনশীলতাৰ শ্লোগান গোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পঞ্চায়ত বিভাগৰ নিযুক্তিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী "এই অভিযোগ নলবাৰীৰ সচেতন ৰাইজৰ । নলবাৰীৰ বহুকেইজন সচেতন নাগৰিকৰ অভিযোগ অনুসৰি বিজেপি নেতা পালিনেতাৰ পত্নী তথা অঙহী-বঙহীক সংস্থাপন কৰিবলৈহে যেন ৰচনা কৰা হল নিযুক্তি প্ৰক্ৰিয়াৰ নাটক ।

সদ্য ঘোষিত ফলাফল অনুসৰি নলবাৰীত গৰিষ্ঠ সংখ্যক বিজেপি নেতা পালিনেতাৰ পত্নী তথা অঙহী-বঙহীয়ে পালে পঞ্চায়ত বিভাগত চাকৰি । অভিযোগ অনুসৰি শেহতীয় ফলাফলত নিযুক্তি লাভ কৰিছে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ পত্নী ভনিতা বৰ্মন আৰু খুলশালী নিজৰা বৰ্মন , নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ পত্নী নমিতা হালৈ , জিলা পৰিষদৰ সদস্য পঙ্কজ ডেকাৰ পত্নী, বৰিগোগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা , বিজেপিৰ পালিনেতা চিন্ময় গোস্বামী আদি কৰি বহু কেইগৰাকী বিজেপি নেতা পালিনেতাই ।

পঞ্চায়ত বিভাগৰ নিযুক্তিত ব্যাপক কেলেংকাৰীৰ অভিযোগ

এতিয়া শূণ্য সহনশীলতাৰ শ্লোগান গোৱা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ সচেতন ৰাইজৰ প্ৰশ্ন, প্ৰকৃততে নলবাৰীত আন যোগ্য নিবনুৱা যুৱক যুৱতী সকল অযোগ্য হ'বলগীয়া হল নেকি ? নলবাৰীৰ সচেতন ৰাইজৰ অভিযোগ পঞ্চায়তৰ শেহতীয় নিযুক্তিত সংঘটিত হৈছে ব্যাপক বিসংগতি । বিসংগতিৰ আৱৰ্তত থকা এই নিযুক্তি সন্দৰ্ভত এতিয়া এক উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী কৰিছে নলবাৰী সচেতন জনসাধাৰণে । তেওঁলোকৰ অভিযোগ APSC ত সংঘটিত হোৱা কেলেংকাৰীত কৈ ভয়াৱহ এই কেলেংকাৰী । ঘটনা সন্দৰ্ভত চৰকাৰ তথা বিভাগে কি পদক্ষেপ গ্ৰহন কৰে সেয়া হব লক্ষণীয় !!

Intro:Slug Name Appointment Scame of Panchayat

OC :- শূণ্য সহনশীলতাৰ শ্লোগান গোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পঞ্চায়ত বিভাগৰ নিযুক্তিত সংগতিত হৈছে কেলেঙ্কাৰী । বিজেপি নেতা পালিনেতাৰ পত্নী অঙহীবঙহীক সংস্থাপন কৰিবলৈ যেন ৰখা হল নিযুক্তি প্ৰক্ৰিয়াৰ নাটক । সদ্য ঘোষিত ফলাফল অনুসৰি নলবাৰীত গৰিষ্ঠ সংখ্যক বিজেপি নেতা পালিনেতাৰ পত্নী তথা অঙহীবঙহীএ পালে পঞ্চায়ত বিভাগত চাকৰি । অভিযোগ মতে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ পত্নী ভনিতা বৰ্মন আৰু খুলশালী নিজৰা বৰ্মন , নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ পত্নী নমিতা হালৈ , জিলা পৰিষদৰ সদস্য পঙ্কজ ডেকাৰ পত্নী, বৰিগোগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা , বিজেপিৰ পালিনেতা চিন্ময় গোস্বামী আদি কৰি বহু কেইগৰাকী বিজেপি নেতা পালিনেতাই পালে চাকৰি । প্ৰকৃততে নলবাৰীত আন যোগ্য নিবনুৱা যুবক যুৱতী সকল অযোগ্য হ'বলগীয়া হল নেকি । নিযুক্তিৰ নামত সংঘটিত হল এক বিয়াগোম কেলেঙ্কাৰী । নলবাৰীত সংঘটিত এই কেলেঙ্কাৰী সম্পৰ্কে এতিয়া সৰ্বত্ৰে তদন্তৰ দাবী উত্থাপন হৈছে । শূণ্য সহনশীলতাৰ শ্লোগান গোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে এতিয়া এই নিযুক্তি সম্পৰ্কে তদন্ত ঘোষণা কৰিব পাৰিবনে । সেয়াই হৈছে ডাঙৰ প্ৰশ্ন ।
Body:বাইট Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.