ETV Bharat / state

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন ! - NALBARI

বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন । লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে পেলনীয়া প্লাষ্টিকৰ পৰাই প্ৰস্তুত কৰিছে ইন্ধন ৷ এই ইন্ধনেৰে চলাব পাৰি বিভিন্ন যান-বাহন ৷

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন !
author img

By

Published : May 21, 2019, 8:35 PM IST

নলবাৰী,২১ মে' : বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন । লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে পেলনীয়া প্লাষ্টিকৰ পৰাই প্ৰস্তুত কৰিছে ইন্ধন ৷ এই ইন্ধনেৰে চলাব পাৰি বিভিন্ন যান-বাহন ৷এটা বন্ধ ড্ৰামত প্লাষ্টিকসমূহ ভৰাই তপতাই লৈ তেওঁ সাজি উলিওৱা পদ্ধতিৰে পেট্ৰ'ল,ডিজেল,কেৰাচিন,কাৰ্বন গেছ আদি প্ৰস্তুত কৰে । এই ইন্ধনসমূহ পৰীক্ষামূলকভাৱে স্থানীয় যুৱকসকলে বাইক-টেম্প' আদিত ব্যৱহাৰ কৰিছে ।উল্লেখযোগ্য যে কাঠমিস্ত্ৰী খুৰছেদে নেপালত এনেদৰে প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰা দেখিছিল আৰু তাৰ পৰাই কিছু জ্ঞান আহৰণ কৰি নিজা প্ৰচেষ্টাৰে এনেদৰে ইন্ধন প্ৰস্তুত কৰিছে ।

প্লাষ্টিক এতিয়া আৱৰ্জনা নহয় ,প্লাষ্টিক এতিয়া ইন্ধন !

খুৰছেদে কেনেদৰে ইন্ধন প্ৰস্তুত কৰিছে সেই দৃশ্য চাবলৈ খুৰছেদৰ ঘৰত ভিৰ কৰিছেহি অসংখ্য লোকে ।এগৰাকী সাধাৰণ কাঠমিস্ত্ৰীৰ এই অভিনৱ চিন্তাক প্ৰশাংসা কৰিছে স্থানীয় ৰাইজে ৷ সকলোৰে আশা-চৰকাৰী সাহায্য তথা বিজ্ঞ লোকৰ পৰামৰ্শ পালে খুৰছেদৰ উদ্ভাৱনে লাভ কৰিব নতুন গতি ৷

Slug Petrol Story
21 may
Story ftp

Anchor মুকালমুৱাৰ লাৰকুছিত কাঠমিস্ত্ৰিয়ে পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰিলে ইন্ধন।

VO1 বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰিয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন।লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰি গৰাকীয়ে কোনো  প্ৰযুক্তি বিদ্যা নোহোৱাকৈ পেলনীয়া প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰি নিজৰ বুদ্ধিৰ পৰিচয় দাঙি ধৰে।এটা বন্ধ ড্ৰামত প্লাষ্টিক সমূহ ভৰাই তপতাই লৈ তেওঁ সাজি উলিওৱা পদ্ধতিৰে ক্ৰমে পেট্ৰল,ডিজেল,কেৰাচিন,কাৰ্বন গেছ আদি প্ৰস্তুত কৰে।খুৰছেদৰ প্ৰচেষ্টাত প্ৰস্তুত হোৱা এই পেট্ৰল,ডিজেল পৰীক্ষামুলক ভাৱে স্থানীয় যুৱক সকলে বাইক,টেম্প আদিত ব্যৱহাৰ কৰি পৰীক্ষা কৰিছে।উল্লেখযোগ্য যে কাঠমিস্ত্ৰি খুৰছেদে নেপালত এনেদৰে প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰা দেখিছিল আৰু তাৰ পৰাই কিছু জ্ঞান আহৰণ কৰি অশেষ কষ্টৰে প্ৰচেষ্টা কৰি ইন্ধন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে খুৰছেদে।খুলছেদৰ এই প্ৰচেষ্টা এতিয়া সমগ্ৰ বৰক্ষেত্ৰীতে ব্যাপক চৰ্চা লাভ কৰিছে।খুৰছেদে ঘৰতে কেনেদৰে ইন্ধন প্ৰস্তুত কৰিছে সেই দৃশ্য চাৱলৈ খুৰছেদৰ ঘৰত অসংখ্য লোকে ভিৰ কৰিছেহি।
        ২নং লাৰকুছিৰ  ৰহমত আলীৰ পুত্ৰ খুৰছেদ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সাধাৰণ কাঠমিস্ত্ৰি।সেয়েহে তেওঁ অসম চৰকাৰৰ পৰা কিছু সহায় সহযোগ বিছাৰিছে।চৰকাৰে সহায় কৰিলে আৰু অধিক উন্নত পদ্ধতিৰে ইন্ধন প্ৰস্তুত কৰি ৰাইজক কম মূল্যতে ইন্ধন যোগান ধৰিব খুৰছেদে।

বাইট 

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.