ETV Bharat / state

Poor Road in Nalbari:নলবাৰীত জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:55 PM IST

পথ নে পথাৰ ধৰিব নোৱাৰা এটা ৰাজপথ ৷ পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ ৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে নলবাৰী জিলাৰ বৰমা গোৱৰাদল-কৈঠালকুছি পথ ৷

Poor Road in Nalbari
নলবাৰীত জৰাজীৰ্ণ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

নলবাৰী, 28 আগষ্ট : বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত পথাৰ সদৃশ হৈ পৰিছে এটা পথ ৷ যাৰ বাবে সোমবাৰে ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত পথচোৱা আছে নলবাৰী জিলাৰ উত্তৰ কৈঠালকুছিত ৷ উল্লেখ্য যে নলবাৰী আৰু বাক্সা জিলাৰ অন্তৰ্গত বৰমা গোৱৰাদল-কৈঠালকুছি অংশৰ পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত যমৰ যাতনা ভুগিছে স্থানীয় ৰাইজে ৷ বৰষুণ দিলেই পুখুৰী সদৃশ হৈ পৰে উক্ত পথচোৱা ৷ আনহাতে বিধ্বস্ত পথচোৱাৰে ট্ৰাকৰ চলাৰ বাবে অধিক বেয়া হৈছে বুলি অভিযোগ কৰে ৰাইজে ৷

শেহতীয়াকৈ লোকনির্মাণ বিভাগৰ মুছলপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে 10 কোটি ব্যয় সাপেক্ষে বৰমাৰ পৰা উত্তৰ কৈঠালকুছিৰ মাজৰ অংশৰ প্রায় 6.5 কিঃমি পথ নিৰ্মাণ সম্পূৰ্ণ কৰিছে । কিন্তু পৰিতাপৰ বিষয় উক্ত পথটোৰ ধৰ্মপুৰ বিধানসভা সমষ্টিত অন্তৰভুক্ত উত্তৰ কৈঠালকুছিৰ প্রায় এক কিলোমিটাৰ পথ মেৰামতি নকৰাত সম্প্ৰতি পথচোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷

আনহাতে উক্ত পথচোৱাত থকা বৃহৎ বৃহৎ গাঁতবোৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ ইফালে পথৰ দুৰ্ৱস্থাৰ বাবে কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ইফালে বিভাগীয় কর্তৃপক্ষক ৰাইজ আৰু স্থানীয় কেইবাটাও সংগঠনে বহুবাৰ পথচোৱা মেৰামতি কৰাৰ বাবে আবেদন নিবেদন কৰি অহাৰ পিচতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ ৷ কেৱল সিমানে নহয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো এই সম্পৰ্কত অভিযোগ দিয়াৰ পাচতো অকণো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

যদিহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পথচোৱা নিৰ্মাণ কৰা নহয় তেনেহলে ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক:The deserted village of Assam: মাত্ৰ এটা পৰিয়াল থকা অসমৰ গাঁও; ক’ত আছে জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.