ETV Bharat / state

পথ নহয় যেন বোকাময় পথাৰ, জমৰ যাতনা টিহুবাসীৰ - MANESWAR BRAHMA

টিহুত বোকাময় পথেৰে যাতায়ত পথচাৰীৰ ৷ 1985 চনতে শ্বহীদৰ নামেৰে নামাকৰণ কৰা টিহুৰ এটি পথ আজিলৈ নহ'ল নিৰ্মাণ । নিৰ্মাণ কৰাটো দুৰৈৰ কথা আজিলৈ মেৰামতিও নকৰিলে পথচোৱা ।

Pathetic Road Condition at Tihu
Pathetic Road Condition at Tihu
author img

By

Published : Jul 28, 2020, 1:07 AM IST

নলবাৰী, 28 জুলাই : টিহুত এটি পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বোকাময় পথৰে এতিয়া বহু কষ্টেৰে যাতায়ত কৰিব লগা হৈছে পথচাৰী সকলে । পথটো দেখিলেই আপোনি অনুমান কৰিব পাৰিব গ্ৰামাঞ্চলখনত কিমান উন্নয়ন হৈছে ৷

টিহুৰ ভোজকুছিৰ পৰা হাৰিভাংগালৈ যোৱা এইটো হৈছে শ্বহীদ পথ ৷ 1983 চনৰ 14 ফেব্ৰুৱাৰীত পাৰাহকুছি প্ৰাথমিক বিদ্যালয়ত অবৈধ নিৰ্বাচন বন্ধ কৰিবলৈ গৈ নিৰাপত্তা ৰক্ষীৰ গুলীত শ্বহীদ হোৱা প্ৰফুল্ল ডেকাৰ ঘৰলৈ যোৱা এই পথটো 1985 চনতে সেই সময়ৰ অগপ চৰকাৰে শ্বহীদ পথ হিচাপে নামাকৰণ কৰিছিল । কিন্তু নামাকৰণ কৰিয়েই যেন দায়িত্ব সামৰিলে । পথটো আজিলৈ নহ'ল পকীকৰণ অথবা মেৰামতিৰ কাম । এজাক বৰষুণ আহিলে পথটোৰে বন্ধ হৈ পৰে যাতায়ত ৷ এয়া হৈছে গ্ৰামাঞ্চলখনৰ উন্নয়নৰ বাস্তৱ ছবি ৷

টিহুত বোকাময় পথেৰে যাতায়ত পথচাৰীৰ

বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোজকুছি অঞ্চলৰ বাট-পথ সুচল কৰাৰ ক্ষেত্ৰত বিধায়ক মনেশ্বৰ ব্ৰহ্মই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলতেই আজি অঞ্চলটোৰ ৰাইজে এনেদৰে জীয়াতু ভোগিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷ কিন্তু ইয়াৰ পিচতো কোনো খবৰ নাই বিধায়কগৰাকীৰ ৷ কেৱল নিৰ্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰাৰ সময়ত হে বিধায়কজনে আহৰি পায় বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ৷

আনফালে স্থানীয় পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে ৷ এয়া হৈছে ৰাইজৰ জনপ্ৰতিনিধি ৷ এতিয়া স্থানীয় ৰাইজৰ অহ্বান পথটো পকীকৰণ কৰি শ্বহীদগৰাকী উপযুক্ত সন্মান প্ৰদান কৰক চৰকাৰে ৷

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থূনলাই নাৰ্জাৰীৰ আক্ষেপ চৰকাৰৰ প্ৰতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.