ETV Bharat / state

নলবাৰীত এগৰাকী প্ৰবীণ বিজেপি নেতাৰ দুৰৱস্থা....

author img

By

Published : Nov 22, 2019, 11:33 PM IST

নলবাৰীত গেৰুৱা দলৰ "সবকা সাথ সবকা বিকাশৰ" ফোপোলা স্বৰপ ৷ ৰেচন কাৰ্ড,অনাময় আঁচনিৰ শৌচালয় নাই বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তথা ৰাজ্য চৰকাৰৰ অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভান ৷ ঠাইৰ অভাৱত চৰকাৰে দিয়া দেহৰক্ষীক লৈ ভুগিছে সমস্যাত ৷

নলবাৰীত এগৰাকী প্ৰবীণ বিজেপি নেতাৰ দুৰৱস্থা....

নলবাৰী, 22 নৱেম্বৰ: ভাল দিনৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত শাসনলৈ অহা মোদী চৰকাৰে শেহতীয়াকৈ শাসনত 5 বছৰ অতিক্ৰম কৰিলে ৷ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনতো "সবকা সাথ সবকা বিকাশ" শ্লগানেৰে জনসাধাৰণৰ আস্থা জিকি গেৰুৱা দলে সাব্যস্ত কৰিলে নিৰকুংশ বিজয় ৷ কিন্তু প্ৰশ্ন হল এই পাঁচ বছৰত বাস্তৱত সঁচাকৈয়ে আহিল নে ভাল দিন? কেন্দ্ৰ আৰু ৰাজ্য সকলোতে বিজেপিৰ চৰকাৰ থকাৰ পাছতো কিন্তু অসমৰে নলবাৰীত দেখা গৈছে ভাল দিনৰ ওলোটা ছবি ৷ সাধাৰণ জনতাৰ কথাটো বাদেই খোদ নিজ দলীয় কৰ্মীৰ ক্ষেত্ৰতো বিকাশ আনিব পৰা নাই সাথ সবকা বিকাশ শ্লোগান দিয়া বিজেপি চৰকাৰে ৷

etv bharat assam
চৰকাৰে দিছে দেহৰক্ষী কিন্তু দেহৰক্ষী লগত ৰাখিবলৈ নাই বাহন!!

এইখন চৰকাৰৰ দিনতে ন্য়ূনতম এটা চৰকাৰী বাসগৃহ,ৰেচন কাৰ্ড,আনকি চৰকাৰী অনাময় আচঁনিৰ শৌচাগাৰ অবিহনে বৰ্তমান জীৱন নিৰ্বাহ কৰিছে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰৰ তমুৰা গাঁৱৰ বাসিন্দা তথা অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতিৰ লগতে ৰাজ্য চৰকাৰৰ অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানে ৷ ১৯৯৩ চনৰ পৰাই বিজেপি দলত সক্ৰিয়ভাৱে জড়িত থকা প্ৰবীণ বিজেপি নেতা আব্দুল চুভানৰ ঘৰৰ ভেটিটোৰ বাহিৰে বেলেগ একোৱে নাই,অনাময় ব্যৱস্থা বুলিবলৈ আছে টিনৰ চালিৰ ঘৰৰ কাষতে প্লাষ্টিকৰে মেৰিয়াই সাজি লোৱা এটা শৌচালয় ৷

নলবাৰীত ওলাল গেৰুৱা দলৰ "সবকা সাথ সবকা বিকাশৰ" ফোপোলা স্বৰপ

যি সময়ত সংখ্যালঘু লোকৰ কথা বাদেই সাধাৰণ লোকেও বিজেপিক গুৰুত্ব দিয়া নাছিল সেইসময়তে তমুৰাৰ দৰে এখন সংখ্যালঘু প্ৰধান গাঁৱৰ পৰা গেৰুৱা দলৰ হৈ কাম কৰিবলৈ ওলাই আহিছিল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ আব্দুল চুভান ৷ কিন্তু সুদীৰ্ঘ ২৬ বছৰ কাল বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে গেৰুৱা দলৰ সেৱা কৰি অৱস্থাৰ পৰিৱৰ্তন নহ'ল আব্দুল চুভানৰ ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘৰৰ কাষৰেই এই গৰাকী প্ৰবীণ বিজেপি নেতাক শেহতীয়াকৈ সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক পদত অধিষ্ঠিত হোৱাৰ পাছত চৰকাৰে আগবঢ়াইছিল এজন দেহৰক্ষী কিন্তু সেই দেহৰক্ষীজনক লৈ এতিয়া সমস্যাত পৰিছে আব্দুল চুভান কিয়নো দেহৰক্ষীজনক ৰাখিবলৈ তেওঁৰ গৃহত নাই পৰ্যাপ্ত স্থান ৷ ইফালে বাহন বুলিবলৈ চুভানৰ আছে মাথো এখন চাইকেল ৷ দিনটো দলৰ কামত সেই চাইকেলখনকে চলাই ইফালৰ পৰা সিফাললৈ দলৰ কামত ঘূৰি ফুৰে আব্দুল চুভান কিন্ত দেহৰক্ষীক থৈ যায় ঘৰত কাৰণ তেওঁৰ চাইকেলত তেওঁৰ দেহৰক্ষীৰ বাবে নাই কোনো বহাৰ সুবিধা ৷

এতিয়া প্ৰশ্ন হয় কাৰ বাবে এই অৱস্থা সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানৰ? খোদ শাসকীয় দলৰ নেতা হোৱাৰ পাছতো কেৱল সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ বাবেই এইদৰে অৱহেলাৰ সন্মুখীন হ'ব লগা হৈছে নেকি আব্দুল চুভানৰ ? এতিয়া এই প্ৰতিবেদন চাই চুভানৰ দুৰৱস্থা ৰোধ কৰিবলৈ দলীয় নেতৃত্বই কি পদক্ষেপ লয় পৰৱৰ্তী সময়ত গম পোৱা যাব ৷

আৰু পঢ়ক: গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'

Intro:সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালকৰ নাই থাকিবলৈ ঘৰ

নলবাৰীত প্ৰবীন বিজেপি নেতাৰ দুদৰ্ষাৰ বাস্তৱ ছবি

নাই প্ৰধানমন্ত্ৰী অৱাস গৃহ,নাই ৰেচন কাৰ্ড,নাই অনাময় আচনিৰ শৌচালয়

চাইকেলত লৈ ঘুৰে নিজৰ দেহৰক্ষী।দেহৰক্ষী নিৱলৈ নাই বাহন।Body:সবকা সাথ সবকা বিকাশ শ্লোগান দিয়া বিজেপি চৰকাৰৰ শাসনত দলটোৰে একাংশ শীৰ্ষ নেতাৰ ক্ষেত্ৰত তাৰ ওলোটা ছবিহে পৰিস্ফুট হৈছে নলবাৰীত । এও বিজেপিৰ এগৰাকী প্ৰবীন শীৰ্ষ নেতা, চৰকাৰী পদবীও আছে৷ আছে দেহ ৰক্ষী৷ কিন্তু দেহৰক্ষীক ৰাখিবলৈ নাই তেওঁৰ ঘৰ৷ দেহৰক্ষীক লগত লৈ ফুৰাবলৈ নাই কোনো এখন বাহন৷ দেহৰক্ষীক ৰাখিবলৈ দূৰৈৰ কথা, নিজৰ চাৰিজনীয়া পৰিয়ালটো থাকিবলৈয়ে এটা ভাল ঘৰ নাই মানুহজনৰ৷ঘৰ বুলিবলৈ মাথো এখন টিনৰ চালি৷ভঙা ফুটা বেৰ৷ নামধাৰী ঘৰটোৰ ভিতৰত মানুহ থাকিব পৰা প্ৰয়োজনীয় আচবাব বুলিবলৈ বিশেষ একোৱে নাই৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালতকৈয়ো অতি নিঃকিন বিজেপি নেতাগৰাকীৰ এই দুৰ্ভগীয়া পৰিয়ালটো৷নাই সুবিধাযুক্ত শৌচালয় - প্ৰসাৱগাৰ৷ টিনৰ চালিটোৰ কাষতে প্লাষ্টিকৰে মেৰিয়াই সাজি লৈছে শৌচালয়- প্ৰসাৱগাৰ৷ঘৰৰ ভেটিটোৰ বাহিৰে বেলেগ মাটি একোৱে নাই৷ তাতেই এক অস্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰি আছে অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তথা ৰাজ্য চৰকাৰৰ অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভান৷ ঘৰ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰৰ তমুৰা গাঁৱত৷ সুদীৰ্ঘ ১৯৯৩ চনৰ পৰাই বিজেপি দলত সক্ৰিয়ভাৱে লাগি থকা প্ৰৱীণ নেতা আব্দুল চুভানৰ জীৱন ধাৰণ অতি দুখ লগা৷ উচ্চ শিক্ষাৰে শিক্ষিত দুই পুত্ৰৰ নাই একো সংস্থাপন৷ যি সময়ত সংখ্যালঘু লোকে বিজেপি কৰা দূৰৈৰ কথা আন সম্প্ৰদায়ৰ লোকেও বিজেপি কৰিবলৈ আগবাঢ়ি অহা নাছিল সেই সময়তে তমুৰাৰ দৰে এখন সংখ্যালঘু প্ৰধান গাঁৱৰ পৰা ওলাই আহিছিল গেৰুৱা দলটোৰ হৈ কাম কৰিবলৈ৷ মনকৰিবলগীয়া যে বৰ্তমানৰ পৰিবহণ, উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ঘৰৰ কাষৰে আব্দুল চুভানে সেইসময়ত বিজেপি দলৰ হৈ কাম কৰিবলৈ গৈ বহুতৰ দ্বাৰা লাঞ্ছিত আৰু ঠাট্টা মস্কৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল৷তেতিয়াৰ পৰাই বিগত সুদীৰ্ঘ ২৬ বছৰ কাল বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে গেৰুৱা দলটোৰ হৈ কাম কৰি আছে৷ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মুৰব্বী আব্দুল চুভান দিনৰ দিনটো দলৰ সাংগঠনিক কামত লাগি থাকে৷ চাইকেল চলাই অত তত দলৰ কামত ঘূৰি ফুৰে৷ নলবাৰী চহৰলৈ আহিবলৈ গাড়ী ভাড়া নাথাকে৷কাৰোবাক খুজি গাড়ীৰ ভাড়া যোগাৰ কৰিহে অহা যোৱা কৰিবলগীয়া হয়৷ ইজন সিজনৰ ওচৰত হাত পাতি দল আৰু পৰিয়াল চলোৱা আব্দুল চুভানৰ ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠনৰ পিচত অৱস্থাৰ পৰিৱৰ্তন হ'ব বুলি বৰ আশা কৰিছিল৷ ৰাজ্যিক বিজেপি সংখ্যালঘু মৰ্চাৰ উপ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক পদত অধিষ্ঠিত কৰাৰ পিচত ৰাইজে বাৰুকৈয়ে ধাৰণা কৰিছিল যে এইবাৰ নেতা গৰাকীৰ অৱস্থাৰ পৰিৱৰ্তন ভালকৈয়ে হ'ব৷ সংখ্যালঘু ৰাইজৰ উন্নয়ন সাধিব পাৰিব! সংখ্যালঘু ৰাইজক বিভিন্ন চৰকাৰী আঁচনি যোগান ধৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰিব৷ বেলেগক আঁচনি প্ৰদানেৰে উন্নয়ন কৰা দূৰৈৰ কথা, নিজেই এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, বিনামূলীয়া অনাময় শৌচালয় বিচাৰি হামৰাও কাঢ়িব লগা হৈছে৷ জিলা পৰিষদ, উন্নয়ন খণ্ড কাৰ্যালয়লৈ এটা বিনামূলীয়া চৰকাৰী ঘৰ, স্বচ্ছ ভাৰত অভিযানৰ শৌচালয় বিচাৰি তাত বাটি কাঢ়ি তেওঁ এতিয়া ভাগৰি পৰিছে৷ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানক গৃহ বিভাগে দেহৰক্ষী যোগান ধৰিছে যদিও দেহৰক্ষীক লৈয়ো আহুকালৰ অৱস্থা হৈছে 'আছে গৰু নাবাই হাল--'ৰ লেখীয়া নেতাগৰাকীৰ৷কিয়নো চাৰিজনীয়া পৰিয়ালটো কোনোমতে টিনৰ চালিৰ ঘৰটোত দিন কটাইছে৷দেহৰক্ষীক ৰখাৰ বাবে ঘৰত ঠাই নাই৷সভা সমিতিলৈ লৈ যাবলৈয়ো অসুবিধা৷ কিয়নো তেওঁৰ চাইকেলখনৰ বাহিৰে নিজৰ কোনো বাহন নাই৷ অন্য নেতা কৰ্মীৰ গাড়ীত উঠি ফুৰা চকা কৰা সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানৰ হাতত এটা ফুটা কড়িও নাথাকে৷দুই পুত্ৰই কিবাকিবি কাম কৰি পৰিয়ালটো কোনোমতে চলাই আছে৷

বাইট--Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.