ETV Bharat / state

PMAY Scam in Nalbari: নলবাৰীত চৰকাৰী আৱাস যোজনাত ধাৰাবাহিক দুৰ্নীতি

author img

By

Published : Mar 16, 2023, 1:00 PM IST

Updated : Mar 16, 2023, 1:56 PM IST

নলবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি (PMAY scam in Nalbari) । পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । দুৰ্নীতিৰ বিৰুদ্ধে নীৰৱ জিলাখনৰ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া ।

Nalbari
Nalbari
নলবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি

নলবাৰী, ১৬ মাৰ্চ : দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহ (scams in Barkhetri development block Nalbari) । উন্নয়ন খণ্ডটোৰ অধীনৰ ইখনৰ পিছত সিখন পঞ্চায়তত PMGAY (Pradhan Mantri Gramin Awas Yojana) আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ (PMAY scam in Nalbari) ।

এইবাৰ উন্নয়ন খণ্ডটোৰ অধীনৰ এখন গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৫৮ নং জয়সাগৰ বৰতলা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি । পঞ্চায়তটোৰ সভানেত্ৰী জুৰি বৈশ্যৰ স্বামী পবিত্ৰ বৈশ্যই AS3142993 আই ডি নম্বৰত PMAY গৃহ লাভ কৰিছে । ইতিমধ্যে ৩২,৫০০ টকা আৰু ৪৮,৭৫০ টকাৰ দুটাকৈ কিস্তি লাভ কৰিছে পবিত্ৰ বৈশ্যই । উল্লেখযোগ্য যে পঞ্চায়ত সভানেত্ৰী জুৰি বৈশ্য আৰু স্বামী পবিত্ৰ বৈশ্যৰ পৰিয়ালত আছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, পকীঘৰকে ধৰি বহু পৰিমাণৰ সা-সম্পত্তি । তাৰ পিছতো সভানেত্ৰীগৰাকীয়ে স্বামীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন লয় (panchayat president scam in PMAY) ।

আনহাতে, পঞ্চায়তটোৰ সচিব কুমুদ কলিতাৰ জ্ঞাতসাৰেই এই সকলোবোৰ দুৰ্নীতি সংঘটিত হৈছিল । উল্লেখযোগ্য যে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কেইবাখনো গাঁও পঞ্চায়তত একাংশ বিভাগীয় কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে একাংশ মধ্যভোগীৰ সৈতে মিলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলে পাবলগা লাখ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰি আছে (Nalbari panchayat president PMAY scam) । তাৰ পিছত এইবাৰ উন্নয়ন খণ্ডটোৰ এটা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে ।

তাৰ বিপৰীতে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াই এই সকলোবোৰ দুৰ্নীতিৰ কথা জানি-শুনিও কিন্তু নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । এইসকল দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰা পঞ্চায়ত প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী আৰু মধ্যভোগীসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত ল'ব সেইটোহে এতিয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Naga Encroachment in Morioni: মৰিয়নিৰ পৰা সন্ধানহীন বিধায়ক ৰূপজ্যোতি কুৰ্মী

Last Updated : Mar 16, 2023, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.