ETV Bharat / state

Jadab Payeng upset: বিশ্বৰ দেশসমূহৰ শিক্ষানীতিয়ে দুখ দিছে অৰণ্য মানৱক - কৃপাল কলিতাৰ ব্ৰীজ

নলবাৰীত এক বিশেষ অনুুষ্ঠানত অংশ লৈ মনৰ ক্ষোভ ব্যক্ত কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে ৷ পৃথিৱীৰ যিকোনো দেশৰ শিক্ষানীতিত প্ৰকৃতি প্ৰেমৰ বিষয়ক লৈ কোনো বিশেষ পাঠ নথকা কথাটোত দুখ প্ৰকাশ কৰে যাদৱ পায়েঙে (Jadab Payeng upset with the world education policy) ৷ একেটা অনুষ্ঠানতে কণ্ঠশিল্পী সমৰ হাজৰিকাই ড৹ বেজবৰুৱা-2 ছবিখনৰো সফলতা কামনা কৰে (New Assamese movie Dr Bezbaruah 2) ৷

Jadab Payeng upset
বিশ্বৰ দেশসমূহৰ শিক্ষানীতিত দুঃখিত যাদৱ পায়েং
author img

By

Published : Jan 24, 2023, 8:43 PM IST

বিশ্বৰ দেশসমূহৰ শিক্ষানীতিত দুঃখিত যাদৱ পায়েং

নলবাৰী, ২৪ জানুৱাৰী: নলবাৰী জিলাৰ টিহু ৰাসখলা প্ৰাংগণত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বন পঞ্চতৰা বেচৰকাৰী সংস্থাৰ বৰ্ষপূৰ্তি অনুষ্ঠান (Anniversary celebrations of Van Panchatara NGO) । পুৱা পতাকা উত্তোলনৰ পিচত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ভালেকেইগৰাকী খ্যাতনামা ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ লগতে টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ ।

সম্বৰ্ধনা অনুষ্ঠানত নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভড়ালী, কৈলাশ তালুকদাৰ, বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা, জে পি দাস, মধুসূদন ঠাকুৰীয়া, কামৰূপী লোকগীতৰ বিশিষ্ট শিল্পী বসন্ত পাটগিৰি, বিশিষ্ট কৌতুক অভিনেতা ধৰ্মকান্ত তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী মহেন্দ্ৰ বৰুৱা, বিশিষ্ট কলাশিল্পী লম্বোদৰ দাসৰ লগতে স্থানীয় কেইবাটাও নামতী দলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Artist felicitation programme in Nalbari) ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে পোনতে বন পঞ্চতৰা সংস্থা আৰু সংবাদ মাধ্যক ধন্যবাদেৰে শলাগ লয় (Padmashree Jadav Payeng in Nalbari)। সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত যাদৱ পায়েঙে কয়, ‘‘মোৰ সময় খুউব কম । সম্বৰ্ধনা-মানপত্ৰ লৈ থাকিলে সময়বোৰ গুচি যায় । পৃথিৱীখন চিৰসেউজ কৰাটোহে মোৰ প্ৰধান উদ্দেশ্য’’ ।
যাদৱ পায়েঙে আৰু কয় যে, পৃথিৱীৰ 780 কোটি মানুহ তেওঁৰেই । পৃথিৱীৰ সূৰ্য উঠা দেশৰ পৰা সূৰ্য মাৰ যোৱা দেশলৈ ঘুৰি ফুৰি তেওঁ এটা কথা লক্ষ্য কৰিলে যে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিয়েই পৃথিৱীক ভাল পোৱাৰ বাবে কোনো বিষয় সন্নিৱিষ্ট নাই । যাৰ বাবে পৃথিৱীয়ে দুৰ্যোগৰ সন্মুখীন হ’ব লগা হৈছে (Jadab Payeng upset with the world education policy) ।

আনহাতে উক্ত অনুষ্ঠানত অতিথিৰূপে উপস্থিত হোৱা আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আৰু নলবাৰীৰ বিশিষ্ট নাগাৰা শিল্পী ৰামচৰণ ভড়ালীয়েও সংস্থাটোক আন্তৰিক কৃতজ্ঞতা জনায় ।

ইফালে বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাই বন পঞ্চতৰাৰ পদক্ষেপৰ শলাগ লয় ৷ তেওঁ বিশেষকৈ অসমীয়া চলচ্চিত্ৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, অসমত বহু ছবি নিৰ্মাতাই কেইবাখনো সুন্দৰ ছবি নিৰ্মাণ কৰিছে ৷ গতিকে সেই ছবিসমূহ অসমৰ ৰাইজে আদৰি লোৱা উচিত ৷ পৰিচালক কৃপাল কলিতাৰ ব্ৰীজ ছবিখনে দেশে-বিদেশে সমাদৰ লাভ কৰাৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰে ৷ ড৹ বেজবৰুৱা-2 ছবিখনৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰথমখন ড৹ বেজবৰুৱা আজিও তেওঁৰ মন মগজুত সজীৱ হৈ আছে (New Assamese movie Dr Bezbaruah 2) ৷ ছবিখনৰ কাহিনী, গীত আদি সকলো দিশেই আকৰ্ষণীয় আছিল ৷ নতুনকৈ নিৰ্মাণ কৰা ড৹ বেজবৰুৱা-2 ছবিখনৰো সফলতা কামনা কৰে শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: National Girl Child Day 2023: প্ৰকৃতাৰ্থত আগবাঢ়িবলৈ দিয়ক কন্যাক, তেতিয়াহে আগবাঢ়িব দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.