ETV Bharat / state

31নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজন নিহত

নলবাৰীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক নিহত ৷ লোকজনে ৰাস্তা পাৰ হ'বলৈ খোজোতেই ট্ৰাকে খুন্দিওৱাৰ ফলত লোকগৰাকী থিতাতে নিহত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিব খোজা ট্ৰাকখন জব্দ ৷

31নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজন নিহত
31নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এজন নিহত
author img

By

Published : Nov 12, 2020, 1:46 PM IST

নলবাৰী, 12 নৱেম্বৰ: নলবাৰীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত ৷ নলবাৰীৰ বানেকুচিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় ৷ লোক জনে ৰাস্তা পাৰ হ'ব খুজোতেই ট্ৰাকে মহতিয়াই নিয়াত থিতাতে মৃত্যুক সাৱটি লয় বুলি ঘটনাস্থলীত উপস্থিত ৰাইজে জানিবলৈ দিছে ৷

গুৱাহাটী অভিমুখী ট্ৰাকৰ খুন্দাত লোকগৰাকীৰ মৃত্যু হয়

নিহত লোকগৰাকী বৰনগৰ বানেকুচিৰ হামিদুল বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী অভিমুখী HR-55R-4280 নম্বৰৰ ট্ৰাকখনে লোকগৰাকীক খুন্দা মৰাত লোকজনৰ মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা ট্ৰাকখন নলবাৰী আৰক্ষীয়ে জব্দ কৰিছে ৷

ৰাস্তা পাৰ হ'ব খুজোতেই লোক গৰাকীক ট্ৰাকে খুন্দিয়াই

মৃত যুৱক জনক আৰক্ষীয়ে মৰণAত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে । যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক: ‘‘শেষ নিশ্বাস পৰ্যন্ত আছুৰ বাবেই কাম কৰি যাম’’- সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.