ETV Bharat / state

Anti drugs mission : নলবাৰীত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজনক আটক - drugs consuming state

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে এটাৰ পাছত আন এটা সফলতা (Anti drugs mission)৷ এইবাৰ নলবাৰী জিলাৰ মুকালমুৱাত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (One arrested in Nalbari with narcotics)৷

One arrested in Nalbari with narcotics
নলবাৰীত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজনক আটক
author img

By

Published : May 9, 2022, 3:34 PM IST

Updated : May 9, 2022, 9:25 PM IST

নলবাৰী, 9 মে' : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান (Anti drugs mission)অব্যাহত ৰখাৰ সময়তে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (One arrested in Nalbari with narcotics) ৷

উল্লেখ্য যে, দেওবাৰে নিশা নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই ঘৌগা গাঁৱৰ পৰা ৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ড্ৰাগছসহ আটক কৰে ইকবাল হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক (Drug peddler arrested at Nalbari) ৷

One arrested in Nalbari with narcotics
নলবাৰীত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজনক আটক

জানিব পৰা মতে, লোকজন মুকালমুৱাৰ ঘৌগা গাঁৱৰ নিবাসী ৷ ইফালে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই আহিছিল ড্ৰাগছৰ বেহা । সম্প্ৰতি আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

মন কৰিব লগীয়া যে, বিগত এটা বছৰে অসম আৰক্ষীৰ নেতৃত্বত চলা তীব্ৰতৰ ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই ড্ৰাগছ দাহ কৰা কাৰ্যসূচীত অংশ লোৱাত এই ব্যৱসায়ৰ প্ৰকোপ কমিব বুলি আশা কৰিছিল ৰাজ্যবাসীয়ে ৷ কিন্তু, ইমানৰ পিছতো ৰাজ্যত এচাম ড্ৰাগছ আসক্ত লোকৰ তাগিদাত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ ব্যৱসায় ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এটা সাক্ষাতকাৰত উল্লেখ কৰিছিল, পূৰ্বতে অসম ড্ৰাগছ মাফিয়াসকলৰ বাবে সমগ্ৰ ভাৰতবৰ্ষলৈ যোৱাৰ ক’ৰিডৰ আছিল ৷ অৱশ্যে এতিয়া অসম এখন ড্ৰাগছ গ্ৰহণকাৰী ৰাজ্যলৈ (drugs consuming state) পৰিৱৰ্তিত হৈছে ৷ সেইবাবে তেওঁ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (union home minister Amit Shah) তেওঁক ড্ৰাগছ নিৰ্মূলৰ দায়িত্ব অৰ্পণ কৰিছিল ৷

লগতে পঢ়ক : ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ: আটক 2

Last Updated : May 9, 2022, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.