নলবাৰী,১৫ ছেপ্টেম্বৰ : অৱশেষত আটক হ'ল ঘৰৰ চাৰিসীমাত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি থোৱা বিপুল চৌধুৰী । আভিজাত্যক লজ্জানত কৰা নলবাৰীৰ বিপুল চৌধুৰীক নলবাৰী আৰক্ষীয়ে আটক কৰে । বিপুল চৌধুৰীৰ দায়িত্বহীনতাৰ বাবেই প্ৰাণ গৈছিল ১৫ বছৰীয়া এজন কিশোৰৰ (Teen died in Nalbari)।
উল্লেখ্য যে, বুধবাৰে পুৱা বটল আৰু ভগা ছিগা সামগ্ৰী বিচাৰি গৈছিল ১৫ বছৰীয়া কিশোৰ অমিত দাসে । কিন্তু সেই সময়তে বিপুল চৌধুৰীয়ে স্থাপন কৰা মৰণফান্দ ৰূপী বৈদ্যুতিক তাঁৰত লাগি অকাল মৃত্যু হৈছিল কিশোৰজনৰ (Teenager dies of electrocution in Nalbari)। এই ঘটনাৰ পাছতে নলবাৰীকে ধৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
ঘটনা সংঘটিত হোৱা এপাৰ্টমেণ্টটোৰ গৰাকী বিপুল চৌধুৰীৰ মানৱতাহীন কাণ্ডৰ বাবেই কিশোৰজনৰ মৃত্যু হৈছিল বুলি সকলোৱে এই ঘটনাত গৰিহণা দিয়ে । বহুতে দাবী কৰা মতে বিপুল চৌধুৰীয়ে জানি বুজিয়েই ঘৰৰ পিছফালে লোৰ নেটত বিদ্যুৎ সংযোগ কৰি থৈছিল । ইফালে অমিত দাসৰ মাতৃয়ে দিন হাজিৰা কৰে ।
অতি দুখীয়া পৰিয়ালৰ সন্তান অমিত দাসৰ মৃত্যুৰ বাবে একমাত্ৰ জগৰীয়া বিপুল চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীও তোলে বিভিন্নজনে । অৱশেষত নিশা আৰক্ষীয়ে আটক কৰে বিপুল চৌধুৰীক (Arrested for illegally connecting electricity)। বিপুল চৌধুৰীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজে ।
লগতে পঢ়ক : নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু