নলবাৰী, 9 জুন: ৰাখে হৰি মাৰে কোনে ৷ তাকে প্ৰমাণিত হ'ল নলবাৰী জিলাৰ মুকালমুৱাৰ সূঁতাৰকূছিত ৷ বুধবাৰে নলবাৰীৰ বৰমুৰিকনাত সংঘটিত হ’ল এক অঘটন ৷ পাগলদিয়া নৈত গা ধুবলৈ গৈ উটি গ’ল এগৰাকী বৃদ্ধা মহিলা ৷ নলবাৰীৰ বৰমুৰিকনাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পাগলদিয়া নদীত উটি যোৱা বৃদ্ধাগৰাকী মুকালমুৱাৰ সূঁতাৰকূছিত জীৱন্তে উদ্ধাৰ হয় ৷
উল্লেখ্য যে, পাগলদিয়া নৈ পাৰত ঘাহ কাটিবলৈ যোৱা যুৱক এজনে বৃদ্ধা গৰাকী নদীত উটি অহা প্ৰত্যক্ষ কৰে ৷ পিছত যুৱকজনে সূঁতাৰকূছিৰ স্থানীয় লোকৰ সহযোগত বৃদ্ধাগৰাকীক জীৱন্তে উদ্ধাৰ কৰি আদাবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় । বৰমুৰিকনাৰ উক্ত বৃদ্ধা মহিলাগৰাকী অতুল ডেকাৰ পত্নী সুবলা ডেকা বুলি জানিব পৰা গৈছে । সম্প্ৰতি বৃদ্ধাগৰাকী সম্পূর্ণ সুষ্ঠ আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও