ETV Bharat / state

নলবাৰীৰ উন্নয়ন প্ৰাধিকৰণে চীল কৰিলে বেদখল হৈ থকা এলেকা

নলবাৰীৰ উন্নয়ন প্ৰাধিকৰণৰ নামত থকা ৮ বিঘাকৈ ভূমিত একাংশ দুষ্ট চক্ৰই নিজৰ লাভালাভৰ বাবে বেদখল কৰি অস্থায়ী ঘৰ,দোকান আদি বান্ধি চলাই গৈছিল ব্যৱসায় ৷

author img

By

Published : Jun 11, 2020, 7:13 PM IST

নলবাৰীৰ উন্নয়ন প্ৰাধিকৰণে চীল কৰিলে বেদখল হৈ থকা এলেকা
নলবাৰীৰ উন্নয়ন প্ৰাধিকৰণে চীল কৰিলে বেদখল হৈ থকা এলেকা

নলবাৰী,11 জুনঃ নলবাৰী উন্নয়ন প্ৰাধিকৰণে চীল কৰিলে শ্বহীদ মুকুন্দ কাকতি বাছ স্থানৰ এটা অংশ সহিতে বেদখল যুক্ত হৈ থকা এলেকা সমূহ । বহুবছৰৰ পৰা নলবাৰীৰ উন্নয়ন প্ৰাধিকৰণৰ নামত থকা ৮ বিঘাকৈ ভূমিত একাংশ দুষ্ট চক্ৰই নিজৰ লাভালাভৰ বাবে বেদখল কৰি অস্থায়ী ঘৰ,দোকান আদি বান্ধি চলাই গৈছিল ব্যৱসায় ৷

এই সমগ্ৰ দিশটো বৃহস্পতিবাৰে নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ নৱ নিযুক্ত অধ্যক্ষ বনদ্বীপ ডেকাই পৰ্যবেক্ষণ কৰি আৰু বেদখল হৈ থকা অঞ্চলটোলৈ গৈ সেই এলেকাটোত থকা মানুহখিনিৰ যিবোৰ বয় বস্তু আছে সেইবোৰ দুই তিনিদিনৰ ভিতৰত স্থানন্তৰ কৰিব নিৰ্দেশ দিয়ে ৷ অন্যথা আইনীভাৱে এই স্থানত উচ্ছেদ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে ।

উল্লেখযোগ্য যে চীল কৰা এই অঞ্চলটোৰ এটা অংশ বাছ,টেম্পো আদিৰ আস্থান হিচাপেও বহু বছৰৰ পৰা ব্যৱহাৰ হৈ আছিল ৷

লগতে চাওকঃ বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.