নলবাৰী,১৫ মে': নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী বানেকুছি ৰাজহ চক্ৰৰ অন্তৰ্গত সন্ধেলী মাক্ৰাপাৰৰ এজন খেতিয়কৰ আদৰণীয় পদক্ষেপ । তপন ডেকা নামৰ খেতিয়কগৰাকীয়ে কেচুসাাৰ উৎপাদনৰে (production of organic manure ) বাচি ললে স্বাৱলম্বীতাৰ পথ । কেচুসাৰ উৎপাদনৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে তপন ডেকাই ।
উল্লেখযোগ্য যে, ২০০৭ চনৰ পূৰ্বে গুজৰাটত প্ৰশিক্ষণ গ্ৰহণ কৰি গুজৰাটৰ কেচুসাৰ উৎপাদনৰ ব্যক্তিগত কোম্পানীত কাম কৰিছিল তপনে । কিন্তু চাকৰি বাদ দি পিছলৈ নিজৰ ঘৰতে ২০০৭ চনৰ Bikash Vermy Compost নামৰে কেচুসাৰ উৎপাদন কেন্দ্ৰ প্ৰস্তুত কৰে লোকজনে ।
আনহাতে এই সাৰ প্ৰস্তত কেন্দ্ৰত নিজৰ লগতে সন্ধেলী মাক্ৰপাৰ অঞ্চলৰ আন কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ লোকক সংস্থাপিত কৰি স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা চলাই । কেচুসাৰ উৎপাদন কেন্দ্ৰটোৰ গৰাকী তপন ডেকাই অঞ্চলটোৰ মানুহৰ পৰা গোৱৰ সংগ্ৰহ কৰি নিজ গৃহতে বিভিন্ন পদ্ধতিৰে সাজি উলিওৱা কেন্দ্ৰটোত তৰপে তৰপে ৰখাৰ ব্যৱস্থা কৰে ।
আনহাতে ইয়াত প্ৰয়োজনীয় মেটেকা,খেৰ,কলগছ,বা বিভিন্ন আবৰ্জনাবোৰ আনি সম্পূৰ্ণ থলুৱা ভাৱে কেচুসাৰ প্ৰস্তুত কৰি আহিছে । আনহাতে খেতিয়ক গৰাকীয়ে উৎপাদন কৰা এই কেচুসাৰ অসমৰ উপৰিও মেঘালয় অৰুণাচলকে ধৰি উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ লগতে,চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো বিক্ৰী হয় বুলি জনায় ।
ইফালে, এই কেচুসাৰ উৎপাদন কেন্দ্ৰৰ যোগেদি প্ৰতি মাহেকত ৩০/৪০ হাজাৰ টকা উপাৰ্জন কৰি আহিছে তপন ডেকাই । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ এইগৰাকী আদৰ্শ কৃষকে এতিয়া স্বাৱলম্বীতাৰ এক নতুন পথ সূচনা কৰিছে ।
লগতে পঢ়ক: আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা