ETV Bharat / state

ভাস্কৰ্য শিল্পৰে স্বাৱলম্বী এগৰাকী শিল্পীৰ কৰ্মৰাজিৰ কথাৰে...

author img

By

Published : Jul 26, 2020, 2:21 PM IST

নলবাৰীৰ এগৰাকী ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন আপুৰুগীয়া সম্পদ । হাতৰ পৰশত প্ৰাণ পাই উঠিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । জানো আহক ভাস্কৰ্য শিল্পৰে স্বাৱলম্বী হোৱা এইগৰাকী ভাস্কৰ্য শিল্পী বিপুল কলিতাৰ কৰ্মৰাজিৰ বিষয়ে...

Nalbari Sculpture artist Bipul Kalita
ভাস্কৰ্য শিল্পৰে স্বাৱলম্বী এগৰাকী শিল্পী

নলবাৰী, 26 জুলাই : শুকান কাঠ আৰু বাঁহত প্ৰাণ সঞ্চাৰ কৰি নিজকে প্ৰতিষ্ঠিত কৰা নলবাৰীৰ এগৰাকী ভাস্কৰ্য শিল্পী । নাম বিপুল কলিতা ৷ নলবাৰীৰ নিজ বাহজানী গাঁৱৰ এইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এশিঙীয়া গঁড়ৰ পৰা আৰম্ভ কৰি বাঘ, হৰিণা, উট, বান্দৰ, পদুম ফুল, অসমীয়া শিপিনীৰ অত্যন্ত প্ৰয়োজনীয় সম্পদ যতৰ, মহাত্মা গান্ধী, বিভিন্ন দেৱ দেৱীৰ মূৰ্তি ।

ইয়াৰ লগতে, বাঁহৰ কাণফুলি, ঢোলমাদুলী, খাৰুৰ আৰু বিভিন্ন অলংকাৰ প্ৰস্তুত কৰি আহিছে ভাস্কৰ্য শিল্পী বিপুল কলিতাই । তেওঁ নিজ ঘৰতে ভাগ্য লক্ষ্মী হস্ত উদ্যোগ নামেৰে এটা উদ্যোগ খুলি এটাৰ পাচত আনটো আপুৰুগীয়া সম্পদ তৈয়াৰ কৰিছে । উল্লেখ্য় যে, তেওঁ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক শিল্প কলাৰে প্ৰস্তুত কৰি মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰিছে ৷

স্নাতক ডিগ্ৰীধাৰী বিপুল কলিতাই ভাস্কৰ্য শিল্পৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে নিজ ককায়েক ভূৱনেশ্বৰ কলিতাৰ পৰা কৌশল আয়ত্ব কৰাৰ পাচত 1998 চনৰ পৰা এই কাৰ্যত জড়িত হৈ আছে । আপুৰুগীয়া বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিপুল কলিতাই ।

আনহাতে, ভাস্কৰ্য শিল্পী বিপুলৰ লগতে তেওঁৰ পৰিয়ালটোৱে প্ৰায় 30 বছৰ এই শিল্পৰ লগত জড়িত হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে । ইতিমধ্যে নলবাৰী জিলাৰ লগতে অসমৰ বিভিন্ন জিলাত কৰ্মশালা আযোজন কৰি সুনাম কঢ়িয়াইছে তেওঁ । নিজ হাতৰে প্ৰস্তুত কৰা শিল্পসমূহ অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰাৰ লগতে অৰ্দাৰ অনুযায়ী যোগান ধৰি নিজ পৰিয়ালক পোহপাল দি আছে বিপুল কলিতাই ।

অৱশ্যে শেহতীয়া লক ডাউনৰ বাবে সামগ্ৰীসমূহ বিক্ৰী কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । গতিকে, লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ভাস্কৰ্য শিল্পৰ সৈতে জড়িত লোকসকলক কিছু সাহাৰ্য দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে বিপুল কলিতাই ।

লগতে পঢ়ক : সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.