ETV Bharat / state

নলবাৰীৰ শক্তি বিভাগত বিয়াগোম কেলেংকাৰীৰ অভিযোগ - নলবাৰীৰ পয়লাস্থিত বিদ্যুত সংমণ্ডল

24 ঘন্টাই বিদ্যুত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া শক্তি বিভাগে ৰাইজক পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিব নোৱাৰিলেও বিভাগটোত অব্যাহত আছে লুন্ঠনৰাজ ৷ বিমল বৰাৰ নেতৃত্বত চলা এই বিভাগটোত একাংশ লোকে মকৰাৰ দৰে চৰিত্ৰ লৈ নিজৰেই বিভাগটোক ধ্বংসৰ মুখলৈ থেলি দিছে ৷ এই অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে ৷

nalbari-power-department-accused-of-big-scam
নলবাৰীৰ শক্তি বিভাগত বিয়াগোম কেলেংকাৰীৰ অভিযোগ
author img

By

Published : Sep 18, 2021, 6:40 PM IST

নলবাৰী,18 ছেপ্তেম্বৰ: নলবাৰীৰ শক্তি বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ 24 ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া শক্তি বিভাগে ৰাইজক পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিব নোৱাৰিলেও বিভাগটোত অব্যাহত ৰাখিছে লুন্ঠনৰাজ ৷ অভিলেখ সংখ্যক বিল আদায় কৰাৰ পিছতো বিদ্যুৎ সঠিক ভাৱে যোগান ধৰিব নোৱাৰাৰ আঁৰতো শক্তি বিভাগৰ কৰ্মচাৰীৰ লুন্ঠনৰাজৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ সংবাদমেল যোগে বিভাগটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে ৷

উল্লেখ্য যে, বিমল বৰাৰ নেতৃত্বত চলা এই বিভাগটোত একাংশ লোকে মকৰাৰ দৰে চৰিত্ৰ লৈ নিজৰেই বিভাগটোক ধ্বংসৰ মুখলৈ থেলি দিছে ৷ একেদৰে নলবাৰী জিলা শক্তি বিভাগত কৰ্মচাৰীৰ মেডিক্লেইম কেলেংকাৰী সংঘটিত কৰিছে বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে ৷ নলবাৰীত বিভাগটোত প্ৰায় 50 লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে ৷

শনিবাৰে সংবাদ মেলত যুব ছাত্ৰ পৰিষদে অভিযোগ উত্থাপন কৰা অনুসৰি, নলবাৰীৰ পয়লাস্থিত বিদ্যুৎ সংমণ্ডলৰ অশোক শৰ্মা আৰু নজৰুল হক নামৰ দুগৰাকী বিল ক্লাৰ্ক আৰু মিটাৰ ৰীডাৰ এই কেলেংকাৰীৰ মুল অভিযুক্ত ৷ এই দুগৰাকীয়ে এপিডিচিএলৰ কৰ্মচাৰীৰ মেডিকেলৰ বিল ক্লেইম কৰাৰ অচিলাৰে ভূৱা বিলেৰে ক্লেইম বঢ়াই এই কেলেংকাৰী সংঘটিত কৰে ৷

নলবাৰীৰ শক্তি বিভাগত বিয়াগোম কেলেংকাৰীৰ অভিযোগ

প্ৰাপ্ত খবৰ মতে, নলবাৰী বিদ্যুৎ সংমণ্ডলৰ এগৰাকী সহজ সৰল মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত সংঘটিত হৈছে এনে এক ঘটনা ৷ মহিলা গৰাকীৰ মেডিকেল বিল আছিল পঞ্চাশ হাজাৰ টকাৰ কিন্তু অশোক শৰ্মা আৰু নজৰুল হকে ভুৱা বিল সংযোগ কৰি তিনিলাখ ষাঠি হাজাৰ টকাৰ মেডিক্লেইম কৰে ৷ লগতে মহিলা গৰাকীৰ অজ্ঞতাৰ সুযোগ লৈ আগতিয়াকৈ উকা চেক লৈ এই মেডিক্লেইমৰ তিনিলাখ ষাঠি হাজাৰ টক উলিয়াই নি পিছত চল্লিশ হাজাৰ টকাৰ ক্লেইম হোৱা বুলি কৈ চল্লিশ হাজাৰ টকা মহিলি গৰাকীক ঘুৰাই দিয়ে ৷

লগতে পঢ়কঃ 20 দিনীয়াকৈ নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন সম্পৰ্কত কি কয় ৰাণা গোস্বামীয়ে ?

কিন্তু এই কেলেংকাৰী সম্পৰ্কত মহিলাগৰাকীলৈ বিভাগৰ পৰা পত্ৰ অহাতহে এই সমস্ত কেলেংকাৰী পোহৰলৈ আহিছে ৷ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই অশোক শৰ্মা আৰু নজৰুল হকে তিনি লাখ বিশ হাজাৰ টকা মহিলা গৰাকীৰ বেংক একাউন্টত ভৰাই দিয়ে ৷ এই সম্পৰ্কত এ জি এম ডুলুমণি দাসৰ ভূমিকাও ৰহস্যজনক ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ অশোক শৰ্মা আৰু নজৰুল হকৰে সু-সম্পৰ্ক আছে ডুলুমণি দাসৰ ৷

বিমল বৰাৰ বিভাগৰ এই কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰতাৰে হ'ব লাগে বুলি এই সংবাদ মেলত দাবী উত্থাপন কৰি যুৱ ছাত্ৰ পৰিষদে কয় যে, আৰু বহু কেলেংকাৰীত জড়িত থকা অশোক শৰ্মা আৰু নজৰুল হকক শীঘ্ৰেই চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে ৷ অভিযোগ মতে, নলবাৰীৰ এইগৰাকী নজৰুল হকৰ নামতো হৈছিল মেডিক্লেইম ৷ ইপিনে শক্তি বিভাগৰ পৰীক্ষাৰ ফলাফল শীঘ্ৰেই ঘোষণা কৰিবলৈও দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়কঃ চিকিৎসক সৰ্ম্পকে বিৰ্তকিত মন্তব্য কৰি বিপদত আঙুৰলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.