নলবাৰী, 28 ছেপ্তেম্বৰ: ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ সেই অভিযানত ভিত্তিত সোমবাৰে দিনৰ ভাগত জিলাখনৰ মূলাৰকুছিৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ 4 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত লোকেইজন ক্ৰমে নলবাৰী চামতাৰ ৰঞ্জিত তালুকদাৰ, ৰমেন বৰ্মন, তাজিম আলী আৰু বৰপেটাৰ আবেদ আলী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ লগতে চাৰিওজন অভিযুক্তৰ পৰা নলবাৰী আৰক্ষীয়ে এখন পালচাৰ বাইক আৰু এখন মাৰুতি ভেনো জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি চাৰিওজন লোকে ড্ৰাগছ সমূহ বৰপেটাৰ পৰা নলবাৰীলৈ লৈ আনিছিল ৷ জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় 1 লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: মাঞ্জা আৰক্ষীৰ জালত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছসহ তিনি যুৱক