ETV Bharat / state

আৰ্থিক সংকটত এগৰাকী খেলুৱৈ - লাকি আহমেদে

কলিকতা , তামিলনাডু, কেৰেলা আদি ঠাইত শক্তি উত্তোলন প্ৰতিযোগিতাত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই গৰাকী প্ৰতিভাশীল খেলুৱৈ লাকি আহমেদ এইবাৰ এচিয়া কাপৰ বাবে নিৰ্বাচিত হৈছে ।

Nalbari Player Lucky Ahmed
আৰ্থিক সংকটত এগৰাকী খেলুৱৈ
author img

By

Published : Feb 13, 2020, 5:37 AM IST

নলবাৰী, 12 ফেব্ৰুৱাৰীঃ আৰ্থিক সংকটত এগৰাকী খেলুৱৈ | নিজৰ জেপৰ ধন খৰচ কৰি খেল অব্যাহত ৰাখিছে নলবাৰীৰ ধমধমাৰ লাকি আহমেদে ৷ এইগৰাকী প্ৰতিভাশীল খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি সোণৰ পদক, ব্ৰঞ্জৰ পদক, ৰূপৰ পদক লাভ কৰাৰ লগতে ষ্ট্ৰং ওমেন হিচাপে কেইবাবাৰো খ্যাতি অৰ্জন কৰিছে । কলিকতা , তামিলনাডু, কেৰেলা আদি ঠাইত শক্তি উত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী প্ৰতিভাশীল খেলুৱৈ লাকি আহমেদ এইবাৰ এছিয়া কাপৰ বাবে নিৰ্বাচিত হৈছে ।

আৰ্থিক সংকটত এগৰাকী খেলুৱৈ

কিন্তু সম্প্ৰতি এছিয়া কাপ খেলাৰ বাবে তেখেতৰ সন্মুখত আহি পৰিছে বাধা ৷ এইবাৰৰ এছিয়া কাপ অনুস্থিত হ’ব ইণ্ডোনেচিয়াত ৷ ইণ্ডোনেছিয়া যাবলৈ তেখেতক প্ৰয়োজন এক বৃহৎ অংকৰ ধন ৷ কিন্তু পৰ্যাপ্ত ধনৰ অভাৱত তেখেৰ এই ভ্ৰমণ একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে ৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ময়ো প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷

উল্লেখ্য যে, যি সময়ত ৰাজ্য চৰকাৰে খেল’ ইণ্ডিয়াৰ দ্বাৰা চমক সৃষ্টি কৰিছে ৷ তেনে সময়তেই ধনৰ অভাৱত প্ৰতিভাৱন খেলুৱৈ এগৰাকীয়ে খেলত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগীয়া হোৱা ঘটনাই চিন্তাৰ উদ্ৰেক ঘটাইছে ৷

লগতে পঢ়ক-অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকঃ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.