ETV Bharat / state

50 হাজাৰ টকাৰ বাবে স্বামীক ডিঙি ৰেপি হত্যা পত্নীৰ - 50 হাজাৰ টকাৰ বাবে নলবাৰীৰ গন্ধিয়াত হত্যাকাণ্ড

নলবাৰীৰ গন্ধিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ স্বামীক ডিঙি ৰেপি হত্যা কৰিলে পত্নীয়ে । অভিযোগ অনুসৰি, স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি পত্নীৰ দ্বাৰা সংঘটিত হ’ল এই হত্যাকাণ্ড ৷ যাক লৈ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

50 হাজাৰ টকাৰ বাবে নলবাৰীৰ গন্ধিয়াত হত্যাকাণ্ড

author img

By

Published : Jun 21, 2021, 6:17 PM IST

Updated : Jun 21, 2021, 8:08 PM IST

নলবাৰী,21 জুন : সোমবাৰে নলবাৰীৰ গন্ধিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি উপায়ন্তৰ হৈ পত্নীয়ে ডিঙি ৰেপি হত্যা কৰিলে স্বামীক । পত্নীৰ গৃহতে সোমবাৰে পুৱা ঘটিল হৈছে এই হত্যাকাণ্ডটো । নিহত ব্যক্তি গৰাকীৰ নাম দুলুমণি শৰ্মা ৷ হত্যাকাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ নাম ৰেখা দেৱী । পৰিয়াল কেন্দ্ৰিক সংঘাটৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দুলুমণি শৰ্মা আৰু ৰেখা দেৱীৰ মাজত সঘনে কাজিয়াৰ সূত্ৰপাত ঘটে ৷ আনদিনাৰ দৰে, দেওবাৰে নিশাও 50 হাজাৰ টকাৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটে দুয়ো স্বামী-স্ত্ৰীৰ মাজত ৷ অভিযোগ অনুসৰি, দুলুমণি শৰ্মাই পত্নী ৰেখা দেৱীৰ পৰা বিচাৰিছিল 50 হাজাৰ টকা ৷ কিন্তু পত্নী ৰেখা দেৱীয়ে স্বামী দুলুমণি শৰ্মাক বিচৰা টকা দিবলৈ অমান্তি হৈছিল ৷ যাৰ ফলত দুয়ো স্বামী-স্ত্ৰী তৰ্কযুদ্ধত লিপ্ত হয় ৷

50 হাজাৰ টকাৰ বাবে স্বামীক ডিঙি ৰেপি হত্যা পত্নীৰ

দুয়ো স্বামী-স্ত্ৰী তৰ্কযুদ্ধই চৰম সীমা অতিক্ৰম কৰিলে ৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰেখা দেৱীয়ে চুৰি আৰু ব্লেডেৰে স্বামীক ডিঙি ৰেপি হত্যা কৰে ৷ অভিযোগ অনুসৰি, ৰেখা দেৱীৰ স্বামী দুলুমণি শৰ্মাই কোনো কাম নকৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বেলশৰ আৰু নলবাৰী আৰক্ষী । আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী পত্নীক গ্ৰেপ্তাৰ কৰি বেলশৰ থানাত জেৰা চলাই আছে । এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গন্ধিয়া অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক: ৰঙিয়াত তুলসীবাৰীত জব্দ নকল টকা সহ বৃহৎ পৰিমাণৰ ভাং

Last Updated : Jun 21, 2021, 8:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.