নলবাৰী, 7 অক্টোবৰ : বুধবাৰে নলবাৰী পৌৰসভাৰ কাৰ্যালয়ত স্থানীয় বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মুকলি কৰা হয় দুমহলীয়া ভৱন ।
![Nalbari Municipality opened Newly constructed building](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-01-70ct-opening-municipal-building-as10004_07102020141300_0710f_1602060180_646.jpg)
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্য কৰি অহা ভৱনটো চৰকাৰী ধনৰ অভাৱত সম্পূৰ্ণ হোৱা নাছিল যদিও বিধায়ক গৰাকীৰ তৎপৰতাত বুধবাৰে ভৱনটো মুকলি কৰাত উৎফুল্লিত হৈ পৰে পৌৰসভাৰ কৰ্মচাৰী সকল ।
![Nalbari Municipality opened Newly constructed building](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9083468_ll.jpg)
ইপিনে,কৰ্মচাৰী সকলৰ নিয়মীয়া দৰমহাৰ ক্ষেত্ৰতো বিধায়ক গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক : নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ