ETV Bharat / state

কৰ'ণাত আক্ৰান্ত ৫০ বছৰৰ উৰ্ধৰ ব্যক্তিক ভৰ্তি কৰাব লাগিব চিকিৎসালয়ত

author img

By

Published : May 26, 2021, 12:21 PM IST

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মঙলবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷ নলবাৰী জিলাত সম্প্ৰতি ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

nalbari mla Jayanta_Malla_Baruah_ visits  swahid mukunda kakati hospital
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত জয়ন্ত মল্ল বৰুৱা

নলবাৰী,26 মে’: মঙলবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। চিকিৎসালয়খনত উপস্থিত হৈ বিধায়ক গৰাকীয়ে নলবাৰীৰ সকলো আশা কৰ্মীৰ হাতে হাতে অক্স'মিটাৰ যোগান ধৰা হ'ব বুলি মন্তব্য কৰে ।

ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে, এতিয়াৰে কৰ'ণাত আক্ৰান্ত ৫০ বছৰৰ উৰ্ধৰ ব্যক্তি সকলক বাধ্যতামূলক ভাৱে হলেও চিকিৎসালয়ত ভৰ্তি কৰা হ'ব।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ইয়াৰ লগতে নলবাৰী অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয় খনৰক চিকিৎসক-বিষয়া কৰ্মীৰ সৈতে ক’ভিত পৰিস্থিতি আলোচনাত মিলিত হয় ৷ আনহাতে, সাংবাদিকৰ সৈতে মত বিনিময় কৰি বিধায়ক গৰাকীয়ে নলবাৰী জিলাত সম্প্ৰতি ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বুলিও মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক :ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.