নলবাৰী,29 ফেব্ৰুৱাৰীঃ নলবাৰীত শুকুৰবাৰে নিশা আটক চোৰাং নিচাজাতীয় ঔষধ সৰবৰাহকাৰী ৷ বেলশৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চামতা মোল্লাপাৰাৰ মজামিল আলী নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে লোকজনৰ পৰা জব্দ কৰে ২০০ ৰো অধিক ‘কৰেস্ক’ কফছিৰাপ ৷ মজামিল আলীয়ে পখুৰা চিন্তাৰ এখন কৃষি পামত লুকুৱাই ৰাখিছিল কপছিৰাপ সমূহ ৷ পখুৰাৰ এই কৃষি পামখনৰ পৰাই চামতা চ’কৰ সৰস্বতী, মনষা, দেৱশৰ্মাকে ধৰি কেইবাখনো ফাৰ্মাচীত মাৰাত্মক ড্ৰাগছ তথা কপছিৰাপৰ যোগান ধৰি অহাৰ কথা স্বীকাৰ কৰে ধৃত মজামিলে ৷
লগতে পঢ়ক-ডিগবৈত অপহৰণক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি