ETV Bharat / state

নলবাৰীত বানত প্ৰাণ গ'ল যুৱকৰ

পৰিয়ালে যুৱকজনৰ বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় বালি গাঁৱত ।

বলীয়া বানত প্ৰাণ গ'ল এজন যুৱকৰ
author img

By

Published : Jul 18, 2019, 5:33 PM IST

নলবাৰী,১৮জুলাই : নলবাৰী জিলাৰ বালিত শোকাৱহ ঘটনা । বাঢ়নী পানীয়ে প্ৰাণ ল'লে জিতুমণি হালৈ নামৰ এজন যুৱকৰ ।

উল্লেখ্য যে বুধবাৰে দিনৰ প্ৰায় ১০ বজাত কলৰ ভূঁৰত উঠি জিতুমণিয়ে মৰা পাগলদিয়াৰ সংহাৰী ৰূপৰ কথা অৱগত কৰিবলৈ গৈছিল গাঁওবুঢ়াক । গাঁওবুঢ়াক লগ ধৰি ঘৰলৈ উভতাৰ পথত সন্ধানহীন হৈ পৰে যুৱকজন । পৰিয়ালে যুৱকজনৰ বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় বালি গাঁৱত ।

বলীয়া বানত প্ৰাণ গ'ল এজন যুৱকৰ

ৰঙৰ কামেৰে পৰিয়াল পোহপাল দিয়া যুৱকজনৰ মৃত্যুত দিশহাৰা হৈ পৰিছে এতিয়া যুৱকজনৰ পৰিয়াল । ইফালে, যুৱকজনৰ মৃত্যুৰ খবৰ পাই বিধায়ক মনেশ্বৰ ব্ৰহ্ম আহি উপস্থিত হয় যুৱকজনৰ বাসগৃহত । বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱকজনৰ মৃতদেহ ।

Intro:নলবাৰীত বানত মৃত্যু এগৰাকী যুৱকৰ।Body:নলবাৰীৰ বালিত এজন যুৱকৰ মৃত্যু।বানত উটি মৃত্য এজন যুৱকৰ।মৃত যুৱকজন জিতুমণি হালৈ(২৫)উল্লেখযোগ্য যে বালিত মৰা পাগলদিয়া নৈৰ সংহাৰী ৰূপৰ কথা গাওবুঢ়াক কলৰ ভুৰত উঠি অবগত কৰিব গৈছিল বুধবাৰে দিনৰ প্ৰায় ১০ বজাত যুবকজনে ঘৰৰ পৰা গৈছিল ।পৰবৰ্তী সময়ত গাওঁ বুঢ়াক লগ ধৰি ঘৰলৈ উভতাৰ পথত সন্ধানহীন হৈ পৰিছিল।পৰবৰ্তী সময়ত সময়ত বিচাৰ খোছাৰ কৰি আজি মৃতদেহ উদ্ধাৰ কৰে বালি গাওঁত।ৰংৰ কামৰে জীবিকা নিৰ্বাহ কৰি পৰিয়াল ক ভৰণ পোষণ দি আহিছিল যদিও বাঢ়নী পানীৰ কবলত মৃত্যু হয় যুবকজনৰ ।য়াৰ ফলত দিহহাৰা হৈ পৰিছে পৰিয়ালটো।আনহাতে যুৱকজনৰ মৃত্যুৰ খৱৰ পাই স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম আহি উপস্থিত হৈ যুৱকজনৰ ঘৰত ।বৰ্তমান মৰোনোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসা লয়লৈ প্ৰেৰণ কৰে।যুৱকজনৰ মৃত্যুত শোকৰ ছা পৰিছে অঞলটোত।Conclusion:বাইট পিতৃ
স্থানীয় যুৱক।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.