ETV Bharat / state

নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত নম্বৰ প্লেটৰ নামত কৰ ফাঁকিৰ অভিযোগ - tax'

পৰিবহণ বিষয়াৰ সন্মুখতে এটি দুষ্ট চক্ৰই কৰ ফাঁকিৰে আদায় কৰিছে মাহেকত লাখ লাখ টকাৰ ধন । জিলাখনৰ পৰিবহণ বিষয়াৰ বিৰুদ্ধে বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ ।

নম্বৰ প্লেটৰ ফেমৰ নামত কৰ ফাঁকিৰ অভিযোগ
author img

By

Published : May 14, 2019, 5:14 PM IST

নলবাৰী,১৪ মে' : নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত সংঘটিত হৈছে কৰ ফাঁকিৰ ঘটনা । নিতৌ পৰিবহন বিষয়াৰ সন্মুখতে এটি দুষ্ট চক্ৰই কৰ ফাঁকিৰে আদায় কৰিছে মাহেকত লাখ লাখ ধন কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিষয়া দিলীপ দাসে গ্ৰহণ কৰিছে নীৰৱ ভূমিকা ৷

নম্বৰ প্লেটৰ ফেমৰ নামত কৰ ফাঁকিৰ অভিযোগ

উল্লেখ্য যে নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ঠিকা ভিত্তিত নম্বৰ প্লেট নিৰ্মাণৰ কাম লাভ কৰা এটি চক্ৰই নম্বৰ প্লেটৰ ফ্ৰেমৰ নামত দুচকীয়া বাহনৰ পৰা ২০০ আৰু চাৰিচকীয়া বাহনৰ পৰা ৫০০ টকা আদায় লয় কিন্তু এই ফ্ৰেম সমূহ ক্ৰয় কৰাৰ নামত গ্ৰাহকক কোনো ধৰণৰ লেনদেনৰ ৰচিদ নিদিয়ে ৷ যাৰ ফলত চৰকাৰে বছৰি হেৰুৱাইছে কেইবা লাখ টকাৰ ৰাজহ । এই ক্ষেত্ৰত জিলা পৰিবহণ বিষয়া দিলীপ দাসক সাংবাদিক সোধ-পোছ কৰিলেও মন্তব্য দিয়াৰ পৰা বিৰত থাকে তেঁও । লক্ষণীয়ভাৱে বিগত বৰ্ষত এই গৰাকী জিলা পৰিবহণ বিষয়াই কৰ্তব্যত গাফিলতি কৰাৰ বাবে জিলা উপায়ুক্তৰ হাতত বৰ্খাস্ত হ'ব লগীয়া হৈছিল যদিও বৰ্তমান পুনৰ কৰ ফাঁকিৰ এনে ঘটনাক লৈ জিলা খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Sl-Nalbari DTO office
14may,
story FTP

VO-নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত কৰ চুৰিৰ ঘটনা।।নিতৌ পৰিবহন বিষয়াৰ সন্মুখতে এটি দুষ্ট চক্ৰই কৰ ফাঁকিৰে আদায় কৰিছে মাহেকত লাখ লাখ ধন কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিষয়া দিলীপ দাসে চকুমুদা কুলিৰ ভাও ধৰাত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।।উল্লেখ্য যে নলবাৰী  জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত ঠিকা ভিত্তিত নম্বৰ প্লেট সমূহৰ কাম লাভ কৰা এটি চক্ৰই নম্বৰ প্লেটৰ ফ্ৰেমৰ নামত দুচকীয়া বাহনৰ পৰা 200 আৰু চাৰিচকীয়া বাহনৰ পৰা 500 টকা আদায় লয় কিন্তু এই ফ্ৰেম সমূহ ক্ৰয় কৰাৰ নামত গ্ৰাহকক কোনো ধৰণৰ money receipt নিদিয়ে যাৰ ফলত চৰকাৰে হেৰুৱাইছে বছৰী কেইবা লাখ টকাৰ ৰাজহ।।এই ক্ষেত্ৰত জিলা পৰিবহণ বিষয়া দিলীপ দাসক আমি গৈ সোধা পোছা কৰিছিলোঁ যদিও বিষয়া গৰাকীয়ে সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থকাৰ উপৰিও সাংবাদিকক কেমেৰা বন্ধ কৰাৰ বাবে দাবী জনালে।।

Byte-দিলীপ দাস

VO-লক্ষণীয়াভাৱে বিগত বৰ্ষত এই গৰাকী জিলা পৰিবহন বিষয়াই নিজ কৰ্তব্যত গাফিলতি কৰাৰ বাবে জিলা উপায়ুক্তৰ হাতত বৰ্ষাস্ত হব লগীয়া হৈছিল যদিও বৰ্তমান পুনৰ কৰ ফাঁকি ঘটনাক লৈ জিলা খনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।।।
                            


কৈলাস ডেকা,নলবাৰী।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.