ETV Bharat / state

কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

author img

By

Published : Jul 2, 2020, 1:39 PM IST

কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী জিলা ৷ বুধবাৰৰ দিনটোত বিশ গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতে এক আতংকই বিৰাজ কৰে জিলাবাসীৰ মাজত ৷ আক্ৰান্ত সকলৰ মাজত এগৰাকী শিশু থকাৰ কথা জানিবলৈ পোৱা গৈছে ৷

Nalbari District in the grip of Corona fear assam etv bharat news
কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

নলবাৰী,2 জুলাই: কৰ’ণা ভাইৰাছৰ ভয়াৱহতাই ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে আগবঢ়াৰ আশংকা প্ৰকাশ কৰা হৈছে নলবাৰীত ৷ জিলাখনত বুধবাৰৰ দিনটোতে সৰ্বাধিক 20 গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত সৃষ্টি হৈছে আতংকৰ । ইতিমধ্যে 5 গৰাকী ব্যক্তি বিগত 26 জুনত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিষয়ে নিশ্চিত হৈছিল ৷ আনহাতে বুধবাৰে Covid-19 ৰ উপস্থিতি ধৰা পৰা ব্যক্তিসকলৰ ভিতৰত বৰনৰ্দীৰ 9 গৰাকী,শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী,মাখিবাহা,পানীগাঁ‌ও,সন্ধেলী আৰু জানিগোগৰ এগৰাকীকৈ ব্যক্তি আছে ৷

কৰ’ণা আতংকৰ গ্ৰাসত নলবাৰী

উল্লেখ্য যে,জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ শৰীৰতো ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ সম্প্ৰতি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বিধায়কগৰাকী ৷ কিন্তু জিলাখনত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

লগতে চাওকঃ এডাল জৰাজীৰ্ণ বাঁহঃ ওলমি ৰৈছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.