ETV Bharat / state

নলবাৰীৰ কৰ’ণা সংক্ৰমণৰ শেহতীয়া তথ্য

author img

By

Published : May 30, 2021, 10:49 AM IST

শনিবাৰে নলবাৰীত ৮৪ গৰাকী লোক মহামাৰীত আক্ৰান্ত হয় । ইয়াৰ লগে লগে জিলাখনত আক্ৰান্তৰ সংখ্যা ৫,০৫৩ গৰাকীলৈ বৃদ্ধি ।

nalbari covid update
নলবাৰীৰ ক'ভিডৰ শেহতীয়া তথ্য

নলবাৰী,৩০ মে': নলবাৰীত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংহাৰ । দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাই আহিছে মহামাৰীৰ সংক্ৰমণ । শনিবাৰে জিলাখনত ৮৪ গৰাকী লোক মহামাৰীত আক্ৰান্ত হয় । ইয়াৰ লগে লগে জিলাখনত আক্ৰান্তৰ সংখ্যা ৫,০৫৩ গৰাকীলৈ বৃদ্ধি পায় । বৰ্তমান জিলাখনত ১,৪২৯ টা ঘটনা সক্ৰিয় হৈ আছে । ইফালে, হোম আইছ’লেচনত বৰ্তমানে জিলাখনত আছে ১,১৬৭ গৰাকী ৰোগী ৷

আনহাতে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১০৩ গৰাকী, বেলশৰ মডেল হাস্পতালত ২৩ গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে ১৯ গৰাকী আৰু মহাত্মা গান্ধী মডেল হাস্পতাল খাতিকুছিত ৩৭ গৰাকী আৰু সাৰথি হাস্পতালত ১৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ।

nalbari covid update
নলবাৰীৰ কৰ’ণা সংক্ৰমণৰ শেহতীয়া তথ্য

আদাবাৰী মডেল হাস্পতালত ২৪ গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে স্বাস্থ্য বিভাগে । ইয়াৰোপৰি জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰৰ ক'ভিড চিকিৎসালয়লৈ ৩৮ গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে । শনিবাৰৰ দিনটোত জিলাখনত ২৬৭ গৰাকী লোক ক'ভিড মুক্ত হয় ।

লগতে পঢ়ক: সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.