ETV Bharat / state

ক’ভিড-১৯: নলবাৰীৰ শেহতীয়া তথ্য

author img

By

Published : May 28, 2021, 1:55 PM IST

বৃহস্পতিবাৰে নলবাৰীত ১১১ গৰাকী লোক কৰ’ণা মহামাৰীত আক্ৰান্ত হয় । এতিয়ালৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৮৭৫ গৰাকীলৈ বৃদ্ধি ।

Nalbari covid news
নলবাৰীৰ শেহতীয়া তথ্য

নলবাৰী, ২৮ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাল কৰ’ণাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত নলবাৰী জিলা । নলবাৰীৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, বৃহস্পতিবাৰৰ দিনটোত জিলাখনত ১১১ গৰাকী লোক কৰ’ণা মহামাৰীত আক্ৰান্ত হয় । ফলত ইয়াৰ সৈতে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৮৭৫ গৰাকীলৈ বৃদ্ধি হয় । ইফালে, উক্ত দিনটোলৈ জিলাখনত ১৭১৬ টা ঘটনা সক্ৰিয় হৈ আছে । আনহাতে, ১৪১৩ গৰাকী লোক হোম আইচ’লেচনত আছে ।

Nalbari covid news
নলবাৰীৰ শেহতীয়া তথ্য

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১০৪ গৰাকী, বেলশৰ মডেল হাস্পতালত ২৪ গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত আছে ২৯ গৰাকী, মহাত্মা গান্ধী মডেল হাস্পতাল খাতিকুছিত ৩৩ গৰাকী, সাৰথি হাস্পতালত ২২ গৰাকী, আদাবাৰী মডেল হাস্পতালত ৩০ গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে । আনহাতে, ৬১ গৰাকী ক’ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰৰ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰৰ দিনটোত নলবাৰীত ২১০ গৰাকী লোক ক’ভিডমুক্ত হয় ।

লগতে পঢ়ক: বুধবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 35 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.