ETV Bharat / state

ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

author img

By

Published : May 11, 2021, 7:53 AM IST

নলবাৰীত এদিনত আক্ৰান্ত হ’ল দুই শতাধিককৈ অধিক লোক । ক’ভিডৰ দ্বিতীয় ঢৌৰ কৱলত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 2475 গৰাকী । ইয়াৰে ভিতৰত সোমবাৰৰ দিনটোত আক্ৰান্ত সংখ্যা হ’ল 202 গৰাকী লোক ।

ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী
ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

নলবাৰী, 11 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌত ত্ৰস্তমান এতিয়া নলবাৰী জিলাও ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰৰ দিনটোত নলবাৰীত কৰ’ণা মহামাৰীৰ কৱলত পৰিছে 202 গৰাকী লোক ৷ ইয়াৰ ফলত নলবাৰী জিলাতে মুঠ ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে গৈ মুঠ 2475 গৰাকী ।

ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী
ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

নলবাৰী জিলা স্বাস্থ্য বিভাগে জাৰি কৰা এক তথ্যৰ ভিত্তিত, বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1706 গৰাকী লোক ৷ ইফালে হোম আইচ’লেশ্যনত বৰ্তমানেও জিলাখনত আছে 1500 গৰাকী কৰ’ণা ৰোগী ।

আনহাতে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 94 গৰাকী, বেলশৰ মডেল হাস্পতালত 27 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 37 আৰু মহাত্মা গান্ধী ম’ডেল হাস্পতাল 2 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ উপৰিও জি এম চি এইচ, এম এম চি এইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 53 গৰাকী উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ আছে জিলা স্বাস্থ্য বিভাগে জাৰি কৰা তথ্যত ।

লগতে পঢ়ক: তেজপুৰত জিলা উপায়ুক্তক অত্যাধুনিক এম্বুলেঞ্চ অৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.