ETV Bharat / state

নলবাৰীত ক’ৰণা আক্ৰান্তৰ সংখ্যা ৪২৭৩ গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 22, 2021, 12:20 PM IST

নলবাৰীত বৰ্তমানলৈ ৪২৭৩ গৰাকী আক্ৰান্ত হৈছে ক’ভিডৰ দ্বিতীয় ঢৌত । শুকুৰবাৰৰ দিনটোত ১৬২ গৰাকী ক’ভিডত আক্ৰান্ত হৈছে ।

covid
নলবাৰীত ক’ৰণা আক্ৰান্তৰ সংখ্যা ৪২৭৩ গৰাকীলৈ বৃদ্ধি

নলবাৰী, ২২ মে': দেশত ক’ৰণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰ সমান্তৰালভাৱে ৰাজ্যতো ক্ৰমাৎ জটিল হৈ পৰিছে ক’ভিড-১৯ৰ পৰিস্থিতি ৷ তাৰ মাজতে ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰীত বৰ্তমানলৈ ৪২৭৩ গৰাকী আক্ৰান্ত হৈছে ৷ শুকুৰবাৰৰ দিনটোত ১৬২ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ বৰ্তমান জিলাখনত ক’ভিড আক্ৰান্ত সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২৩৭৫ গৰাকী ৷ ইফালে বৰ্তমানেও জিলাখনত হোম আছে ২০৪০ গৰাকী ৷ ইফালে, শুকুৰবাৰৰ দিনটোত জিলাখনত ২০৫ গৰাকী ক’ভিড মুক্ত হয় ।

ইয়াৰে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী, বেলশৰ মডেল হাস্পতালত ৪৫ গৰাকী, মাখিবাহা আদৰ্শ হাস্পতাল আৰু মহাত্মা গান্ধী মডেল হাস্পতালত আছে ৪৫ গৰাকী, খাটিকুছিত ৪৫ গৰাকী আৰু সাৰথি হাস্পতালত ৩১ গৰাকী ভৰ্তি হৈ আছে ৷

আনহাতে, নতুনকৈ আদাবাৰীস্থিত মডেল হাস্পতালত ১৩ ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে স্বাস্থ্য বিভাগৰ লোকে । ইয়াৰোপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী অসামৰিক চিকিৎসালয় আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ ৫৬ গৰাকী উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: মাতৃলৈ ৰিতুল শইকীয়াৰ ফোন : ‘‘মা মই ভালে আছো’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.