ETV Bharat / state

নলবাৰীত বিজেপিৰ ঐক্য সমদল

author img

By

Published : Dec 20, 2019, 11:05 PM IST

Updated : Dec 20, 2019, 11:33 PM IST

নলবাৰীত বিজেপিয়ে ঐক্য সমদলৰ আয়োজন কৰে,গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত এই সমদলত অসম বিধানসভাৰ প্ৰায় সংখ্যক নেতা-মন্ত্ৰী উপস্থিত থাকে,নলবাৰীৰ পৰা আৰম্ভ হোৱা এই সমদল অসমৰ বিভিন্ন জিলা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে উপস্থিত বিজেপিৰ নেতা-মন্ত্ৰীয়ে

গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত এই সমদলৰ কাৰ্যসূচী
নলবাৰীত বিজেপিৰ ঐক্য সমদল

নলবাৰী,20 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চৌদিশ প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে নলবাৰীত বিজেপিয়ে ঐক্য সমদলৰ আয়োজন কৰে । গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত এই সমদলত অসম বিধানসভাৰ প্ৰায় সংখ্যক নেতা-মন্ত্ৰী উপস্থিত থাকে । কোনো ধৰণৰ শ্ল'গান ব্যৱহাৰ নকৰাকৈ বিজেপিয়ে এই সমদল উলিয়ায় ৷ সমদলটো চহৰখনৰ বৰমা ৰোড অতিক্ৰম কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলা আৰক্ষী অধীক্ষকৰ খেলপথাৰত সামৰণি পৰে ।

নলবাৰীত বিজেপিৰ ঐক্য সমদল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা সমদলটোত দেখা যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ভৱেশ কলিতা,ৰঞ্জিত দাস,চন্দ্ৰমোহন পাটোৱাৰী আদিক ৷ তদুপৰি সাংসদ দিলীপ শইকীয়া,বিধায়ক অশোক শৰ্মা,বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই উক্ত কাৰ্যসূচীত অংশ লয় ৷ বিজেপিৰ কৰ্মকৰ্তাসকলেও এই কাৰ্যসূচীত সহযোগ কৰে ৷ আনহাতে নলবাৰীৰ পৰা আৰম্ভ হোৱা এই সমদল অসমৰ বিভিন্ন জিলা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে উপস্থিত বিজেপিৰ নেতা-মন্ত্ৰীয়ে ।

ৰাজ্যজুৰি হৈ থকা সংশোধনী নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ বাবে পুনৰ বিজেপিয়ে ২৭ তাৰিখে ঐক্য সমদলৰ কাৰ্যসূচী হাতত ল’ব ৷ পৰৱৰ্তী সময়ত জাগীৰোড,মৰিগাঁও,ধেমাজি,ডিফু,তেজপুৰৰ লগতে অসমৰ ৮ খন জিলাত বিজেপিয়ে আয়োজন কৰিব এই সমদলৰ ।

লগতে চাওকঃঅসমত অসমীয়া ভাষা সৰ্বকালৰ বাবে ৰাজ্যিক ভাষা হৈ থাকিবঃ মুখ্যমন্ত্ৰী

Intro:নলবাৰীত বিজেপিৰ ঐক্য সমদল

অসম বিধানসভাৰ ভালেসংখ্যক নেতা মন্ত্ৰী উপস্থিত।

Body:CAA আইনৰ বিৰুদ্ধে চৌদিশে প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে নলবাৰীত বিজেপিৰ ঐক্য সমদল ।কোনো ধৰণৰ ৰাজপথত শ্লোগান অৱিহনে নলবাৰী গৰ্ডন খেলপথাৰৰ আৰম্ভ হোৱা এই সমদলত অসম বিধানসভাৰ প্ৰায় সংখ্যক নেতা -মন্ত্ৰী উপস্থিত হয়।নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল বৰমা ৰোড হৈ চাৰমিনাৰ চকৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে জিলা আৰক্ষী অধীক্ষকৰ খেলপথাৰৰত সামৰণি পৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰা এই সমদলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতা,সভাপতি ৰঞ্জিত দাস,চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি সাংসদ দীলিপ শ ইকীয়া,স্থানীয় বিধায়ক অশোক শৰ্মা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাকে ধৰি বিজেপিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।আনহাতে নলবাৰী ৰ পৰা আৰম্ভ হোৱা এই সমদল অসমৰ কেইবাখনো জিলাত কৰিব বুলি উল্লেখ কৰে।

Conclusion:বাইট দীলিপ শইকীয়া
অশোক শৰ্মা
নাৰায়ণ ডেকা।

কৈলাস ডেকা, নলবাৰী।

Last Updated : Dec 20, 2019, 11:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.