ETV Bharat / state

নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Oct 19, 2019, 8:23 AM IST

ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ নশ্বৰদেহ শ্ৰী শ্ৰী হৰিমন্দিৰৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিলৈ এক সমদল কৰি লৈ অহাৰ পিচত আছু , যুৱ-ছাত্ৰ পৰিষদ ,  সাংবাদিক সন্থাকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতিৰ পৰলোকপ্ৰাপ্তি

নলবাৰী, 19 অক্টোবৰ : নলবাৰীৰ সমাজহিতৈষী নাগৰিক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে । সুদীৰ্ঘ ১৯৯৭ চনৰ পৰাই নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰক নেতৃত্ব প্ৰদান কৰা কলিতা ২০০৪ চনৰ পৰা ২০০৭ চনলৈ নলবাৰী পৌৰসভাৰ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ পৰলোকপ্ৰাপ্তি

বৃহস্পতিবাৰে নিশা কলিতাৰ নশ্বৰ দেহ স্ব-গৃহ আহি পোৱাৰ পিচত শুকুৰবাৰে পুৱাৰ ভাগত জিলা উপায়ুক্ত, স্থানীয় বিধায়ক অশোক শৰ্মাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰী শ্ৰী হৰি মন্দিৰৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিলৈ কলিতাৰ নশ্বৰ দেহ এক সমদল কৰি লৈ অহাৰ পিচত আছু, যুৱ-ছাত্ৰ পৰিষদ, সাংবাদিক সন্থাকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে মৃত্যুৰ সময়লৈকে চন্দ্ৰ কলিতা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল । শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৫৪ আৰু ৭৬ সংখ্যক নলবাৰী অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি পদতো অধিষ্ঠিত হোৱা প্ৰয়াত কলিতা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতিৰ লগতে অসম অলিম্পিক সন্থাৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত শুকুৰবাৰে নলবাৰী চহৰত পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দোকান-পোহাৰ বন্ধ ৰাখি শোক পালন কৰা হয় ।

Intro:নলবাৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি হৰিমন্দিৰ সমিতিৰ সভাপতি বিশিষ্ট সমাজহিতৈষী চন্দ্ৰ কলিতা প্ৰয়াত
শোকস্তব্ধ নলবাৰী
দোকান-পোহাৰ বন্ধ ৰাখি শোক পালন Body:নলবাৰীৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত সমাজহিতৈষী ব্যক্তি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ সভাপতি,প্ৰাক্তন পৌৰপতি চন্দ্ৰ কলিতাৰ বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।সুদীৰ্ঘ ১৯৯৭ চনৰ পৰাই নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰক মৃত্যুৰ আগমূহুৰ্তলৈকে নেতৃত্ব প্ৰদান কৰা কলিতা ২০০৪ চনৰ পৰা২০০৭ চনলৈ নলবাৰী পৌৰসভাৰ পৌৰপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।মৃত্যুৰ সময়লৈকে তেওঁশ্ৰী মন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছিল। শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৫৪আৰু ৭৬ সংখ্যক নলবাৰী অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি পদতো অধিষ্ঠিত হোৱা প্ৰয়াত কলিতা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতিৰ লগতে অসম অলিম্পিক সন্থাৰো সদস্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল ।ইফালে বৃহস্পতি বাৰে নিশা কলিতাৰ নশ্বৰ দেহ স্ব-গৃহ আহি পোৱাৰ পিছত আজি পুৱাৰ ভাগত জিলা উপায়ুক্ত,স্থানীয় বিধায়ক অশোক শৰ্মাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰী শ্ৰী হৰিমন্দিৰৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ বাকৰিলৈ কলিতাৰ নশ্বৰ দেহ এক সমদল কৰি লৈ অহাৰ পিছত আছু,যুৱ-ছাত্ৰ পৰিষদ,সাংবাদিক সন্থাকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আনহাতে বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত নলবাৰী চহৰত ৰাতিপুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দোকান-পোহাৰ বন্ধ ৰাখি শোক পালন কৰা হয় ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.